এইবাৰ শেনৰ এজাত হ’ল চীন৷ কোনোদিনে নোহোৱা-নোপজা ঘটনা কৰিছে চীনে৷ জি-৭ দেশৰ বিৰুদ্ধে ভাৰতৰ হৈ যুক্তি-যুদ্ধত বহাৰ লগতে জি-৭ক চীনে প্ৰত্যুত্তৰ দিছে৷ আচৰিত যেন লাগিলেও এয়াই সত্য যে ‘ভাৰতক দোষ দিব নোৱাৰা’ বুলি ভাৰতৰ প্ৰতি চীনে সৎভাৱ দেখুওৱাইছে৷
ভাৰতে আসন্ন বিপদৰ কথা জানিয়েই বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি অহা উন্নত মানৰ ভাৰতীয় ঘেঁহুৰ ৰপ্তানি হঠাতে বন্ধ কৰিছে৷ অৱশ্যে ভাৰতৰ এই ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ আঁৰত কেতবোৰ পৰিবেশজনিত বিশেষ কাৰণো আছে৷
তথ্যত প্ৰকাশ পোৱা মতে হঠাৎ অতিমাত্ৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ ঘেঁহু উৎপাদন একেবাৰে নিম্নগামী হৈছে৷ ১২২ বছৰৰ পিছত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰতে এনে সমস্যাৰ সন্মুখীন হৈছে৷
লগতে পঢ়ক সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ
ইয়াৰ উপৰিও ভাৰতীয় খাদ্য নিগমে দিয়া তথ্য অনুসৰি ঘেঁহু মজুত ভাণ্ডাৰৰ ক্ষেত্ৰত আজিৰ সময়ত ভাৰত ৫ বছৰ পিছুৱাই যাব লগা হৈছে৷ ফলত এনেবোৰ কাৰণৰ বাবেই বৰ্তমান ভাৰত চৰকাৰে ভৱিষ্যতে আহিবলগীয়া এক তীব্ৰ খাদ্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ হঠাৎ ঘেঁহু ৰপ্তানিৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷
উল্লেখ্য যে বিশ্বৰ ঘেঁহু উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ৰাছিয়া-ইউক্ৰেইন শীৰ্ষত আছে৷ দুয়ো দেশৰ মাজত অব্যাহত থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলতে বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰই ঘেঁহু ভাৰতৰ পৰাই ক্ৰয় কৰাৰ চিন্তা-চৰ্চা কৰি আছিল৷ তেনে সময়তে ভাৰতেও ঘেঁহু ৰপ্তানি বন্ধ কৰা কাৰ্যই সমগ্ৰ বিশ্বত খাদ্যৰ সংকটত নমাই অনাৰ আশংকা ঘণীভূত হৈছে৷ যাক লৈ এতিয়া খাদ্য সংকটৰ এক অনিশ্চিত ভৱিষ্যৎ লৈ বিপাঙত পৰিছে বিশ্বৰ ৰাষ্ট্ৰসমূহ৷
ইফালে ঘেঁহু নাটনিৰ ফলত খোদ ভাৰততে ঘেঁহুৰ পৰা প্ৰস্তুত কৰা প্ৰতিবিধ খাদ্য সামগ্ৰীত মূল্যবৃদ্ধি ঘটিছে৷ বিস্কুৰ্ট, ময়দা, আটাকে আদি কৰি ভাৰততে দামবৃদ্ধিৰ দেশৰ জনতাক কোঙা কৰিছে৷
লগতে পঢ়ক যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!
এনে মহঙা দিনত বিশ্ব বজাৰত ঘেঁহুৰ প্ৰতি ইউনিটৰ দাম ১,২৪৭.৩ ডলাৰলৈ বৃদ্ধি পাইছে৷ আনহাতে এই দাম দিনকদিনে আৰু বৃদ্ধি হোৱাৰ আশংকাহে পৰিলক্ষিত হৈছে৷
এনে সময়তে বিশ্বৰ সকলোতকৈ ধনী ৭ খন পশ্চিমীয়া দেশৰ দ্বাৰা সংস্থাপিত জি-৭ দেশসমূহে বিশ্বত দেখা দিয়া ঘেঁহু সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতকে জগৰীয়া কৰিব খুজিছে৷ জি-৭ দেশসমূহে ভাৰতক বিবেচনাৰে চিন্তা কৰি ঘেঁহু ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷
কিন্তু, জি-৭ দেশে ভাৰতৰ বিপৰীতে তোলা এই অভিযোগৰ বিৰুদ্ধে এইবাৰ চিৰবৈৰী চীনে ভাৰতৰ পক্ষ লোৱা দেখা গৈছে৷ চীন চৰকাৰক প্ৰতিনিধিত্ব কৰা চীনৰ গ্লোৱেল টাইম বাতৰি কাকতে এনেদৰে আনুষ্ঠানিকভাৱে জি-৭ ৰাষ্ট্ৰক ভাৰতৰ হৈ প্ৰত্যুত্তৰ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ