বিপদসংকুল স্থানত চেল্ফী অথবা ফ’টো তুলিবলৈ গৈ যুৱতীসহ যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ খবৰ মাজে সময়ে সংবাদ মাধ্যমত প্ৰকাশ পাই থাকে৷ সামাজিক মাধ্যমতো এনে ভিডিঅ’ আদি প্ৰায়ে ভাইৰেল হোৱা দেখা যায়৷
তথাপিও একাংশই সতৰ্কতা অৱলম্বন নকৰাৰ বাবেই তেনে বিপদসংকুল স্থানত ফ’টো তুলিবলৈ গৈ মৃত্যুক সাৱটি লোৱাৰ ঘটনা ঘটি থকাৰ খবৰ সংবাদ মাধ্যমলৈ প্ৰায়ে আহি থাকে৷
এইবাৰো এক বিউটি স্পটত এখন ফ’টোৰ বাবে প’জ দি থাকোতে শিলৰ পৰা পিছলি ৫০ ফুট তললৈ সৰি পৰি মৃত্যুমুখত পৰিছে এগৰাকী যুৱতী পৰ্যটকে।
লগতে পঢ়ক জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক
এইদৰে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লোৱা নানে ইঅ’ছানা ব’ডেয়া নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীৰ ৰোমানিয়াৰ৷ আৰু এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে থাইলেণ্ডত৷
বন্ধু-বান্ধৱীৰ সৈতে যুৱতীগৰাকীয়ে থাইলেণ্ড ভ্ৰমণলৈ গৈছিল আৰু কোহ চামুই দ্বীপৰ না মুয়াং জলপ্ৰপাত পৰিদৰ্শন কৰি থকা অৱস্থাতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।
প্ৰকাশিত খবৰ মতে পৰ্যটক যুৱতীগৰাকীয়ে জলপ্ৰপাতটোৰ এটা শিলত উঠি ফ’টো উঠিবলৈ প’জ দিছিল৷ ঠিক তেনে সময়তে শিলটোৰ পৰা যুৱতীগৰাকীৰ ভৰি পিছল খোৱাত ৫০ ফুটৰ তলৰ জলপ্ৰপাতত সৰি পৰে আৰু জলপ্ৰপাতৰ পানীত বুৰ গৈ যুৱতীগৰাকীৰ মৃত্যু হয়৷
লগতে পঢ়ক আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ
অষ্ট্ৰিয়াৰ পৰা অহা ২২ বছৰীয়া বন্ধু মেনুৱেল ওপানকাৰে ডেইলী ষ্টাৰক কোৱা অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে তেওঁলোকে ঠেক আৰু বিপজ্জনক জলপ্ৰপাতটোৰ ওপৰলৈ খোজ কাঢ়ি গৈছিল।
ইফালে উদ্ধাৰকাৰী দলে তিনি ঘণ্টীয়া অভিযানত জলপ্ৰপাতৰ পানী আৰু শিলৰ মাজৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ ৰছী আৰু ষ্ট্ৰেচাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল।
এই জলপ্ৰপাতটো এনে বিপদৰ বাবে জনাজাত আৰু থাইলেণ্ডৰ কৰ্তৃপক্ষই নিয়মিতভাৱে পৰ্যটকসকলক বিগত দিনবোৰত সংঘটিত হোৱা এনে ট্ৰেজেডীৰ পিছত সাৱধান হ’বলৈ সকীয়াই দি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ