বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !
বলীউডত একেলগে এখন ছবিৰেই খোজ পেলোৱা দুই অভিনেতা-অভিনেত্ৰী । অভিনেতাই সেই এখন ছবি কৰিয়েই বিদায় জনালে। আনহাতে অভিনেত্ৰীগৰাকীয়ে বলীউডক দি গল কেইবাখনো হিট ছবি, যি বৰ্তমানে বলীউড কুইন নামে জনাজাত। হয় ইয়াত কংগনা আৰু চিৰাগ পাছৱানৰে কথা কোৱা হৈছে।
অভিনয় এৰি বহু বছৰ পূৰ্বেই ৰাজনীতিত প্ৰৱেশ কৰা চিৰাগৰ পাছত এইবাৰ কংগনাইয়ো ৰাজনীতিত খোজ দিছে। হিমাছল প্ৰদেশৰ মান্দি সমষ্টিৰ পৰা বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। আনহাতে চিৰাগ আঞ্চলিক দলৰ হলেও বিজেপিৰ মিত্ৰদলৰে সাংসদ।
লোক জনশক্তি পাৰ্টিৰ সাংসদ চিৰাগ পাছৱানে সদ্যহতে কংগনা সন্দৰ্ভত কয় যে, বিজেপিৰ সাংসদ কংগনা ৰানাৱতৰ সৈতে বন্ধুত্ব বহু পুৰণি। সেয়ে সংসদত কংগনাত বিচাৰি থকা বুলি কয় চিৰাগে। তেওঁ কয় যে দুয়োৰে বলীউডৰ পৰা ভাল বন্ধুত্ব আছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে ইজনে সিজনক লগ কৰিব পৰা নাছিল, সেয়েহে এতিয়া পুনৰ তেওঁলোক লগ হ’ব বিচাৰিছিল।
ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিৰাগ পাছৱানেও কংগনা ৰানাৱতৰ সৈতে বন্ধুত্বৰ লগতে নিজৰ ৰাজনৈতিক আৰু বলীউড যাত্ৰাৰ কথাও কয়। কংগনা ভাল বন্ধু। বলীউডত হয়তো আৰু একো নহ’বও পাৰে, কিন্তু কংগনাৰ সৈতে মোৰ ভাল বন্ধুত্ব নিশ্চিতভাৱে গঢ় লৈ উঠিছিল। সেইটো এটা ভাল কথা আছিল। মই তেওঁক সংসদত বিচাৰি আছিলো, তেওঁক লগ কৰিবলৈ। যোৱা ২-৩ বছৰ ধৰি মই বহুত ব্যস্ত আছিলো কাৰণ কানেকচন হেৰাই গৈছিল। সেয়ে এতিয়া বন্ধুত্ব আৰপ ভাল কৰিব বিচাৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















