বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন
টিভি জগতৰ পৰা আহিছে আন এক দুখৰ খবৰ। এইবাৰ আন এগৰাকী অভিনেতাৰ মৃত্যু হাৰ্ট এটেক হৈ। আজি ১২ মে’ তাৰিখে টিভি জগতৰ পৰা আহে এই বেয়া খবৰ। কানাড়া টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা ৰাকেশ পূজাৰীৰ মৃ্ত্যু।
কানাড়া টিভি জগত বৰ্তমানে শোকত। কমেডী শ্ব’ ‘কমেডী খিলাড়ী’ৰ জৰিয়তে স্বীকৃতি লাভ কৰা ৰাকেশ পূজাৰীৰ আজি হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ পিছত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
কালি অৰ্থাৎ ১১ মে’ত বন্ধুৰ বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰাকেশ । তাতেই অন্য বন্ধু বান্ধৱৰ সৈতে নাচি বাগি ফুৰ্তি কৰি থাকে ৰাকেশে। কিন্তু নাচি থাকোতেই হঠাতে হাৰ্ট এটেকত আক্ৰান্ত হয় ৰাকেশ। আৰু ঘটনাস্থলীতেই শেষ নিশ্বাস ত্যাগ কৰে।
ৰাকেশ পূজাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৪ বছৰ। ৰাকেশৰ মৃত্যু শোক প্ৰকাশ কৰে তেখেৰ পৰিয়াল, বন্ধু তথা বহু অনুৰাগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















