• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

3 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

4 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

4 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

5 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

5 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

7 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

8 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

10 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

editor by editor
June 17, 2024
in অসম, উত্তৰ-পূব, বিশ্ব, ভাৰত, ৰাজনীতি
0
১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

লোকসভা নিৰ্বাচনৰ পিছত তৃতীয়বাৰৰ বাবে কেন্দ্ৰত গঠন হৈছে এন ডি এ চৰকাৰ। নৰেন্দ্ৰ মোডী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়। ২৪ জুনত আৰম্ভ হ’ব ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰু ৩ জুলাইত সমাপ্ত হ’ব। ৯ দিনীয়া বিশেষ অধিৱেশনৰ সময়ত লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হ’ব আৰু নতুন সাংসদে শপত গ্ৰহণ কৰিব।

এই সময়ছোৱাত সংসদে বিৰোধীৰ নেতাকো পাব। এই পদটো যোৱা ১০ বছৰ ধৰি খালী হৈ আছিল। শেষবাৰৰ বাবে সুষমা স্বৰাজ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ লোকসভাত বিৰোধী দলপতি আছিল। কিন্তু ২০১৪ আৰু ২০১৯ৰ নিৰ্বাচনত কোনো বিৰোধী দলৰ ৫৪ জন সাংসদ জয়ী হোৱা নাছিল। নিয়ম অনুসৰি বিৰোধী দলৰ নেতা হ’বলৈ হ’লে লোকসভাৰ মুঠ সংখ্যাৰ ১০% অৰ্থাৎ ৫৪ জন সাংসদ থকাটো প্ৰয়োজনীয়।

এইবাৰ কংগ্ৰেছে ৯৯ খন আসন লাভ কৰাত এই পদ লাভ কৰিব। অৱশ্যে পিছলৈ এই ১০০ৰ ওপৰ হয়। ইয়াৰ পূৰ্বে ৰাহুল গান্ধী লোকসভাত বিৰোধী দলৰ নেতা হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে এই পদ নাকচ কৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ পৰা আহিছে ৩ টা নাম। ইয়াৰে এজন অসমৰ নেতা।

লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন INDIA Alliance য়ে ২৩২ খন আসন লাভ কৰিছে। এই সংখ্যা লোকসভাৰ মুঠ সংখ্যাৰ ১৮%। এনে পৰিস্থিতিত স্পষ্ট হৈ পৰিছে যে লোকসভাত বিৰোধী দলপতিৰ পদ কেৱল কংগ্ৰেছকহে আগবঢ়োৱা হ’ব।

কংগ্ৰেছ দলৰ সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে লোকসভাত বিৰোধী দলৰ নেতা পদৰ বাবে অস্বীকাৰ কৰাৰ পিছত তিনিজন জ্যেষ্ঠ নেতা কুমাৰী চেলজা, গৌৰৱ গগৈ আৰু মনীষ তিৱাৰীৰ নাম বিবেচনা কৰা হৈছে। অসমৰ যোৰহাটৰ পৰা নিৰ্বাচনত জয়লাভ কৰি লোকসভাত উপস্থিত হৈছে গৌৰৱ গগৈ। গান্ধী পৰিয়ালৰ লগতো তেওঁৰ ঘনিষ্ঠ।

যদিহে সকলো ঠিকে ঠাকে থাকে তেন্তে গৌৰৱ গগৈয়ে সংসদত বিৰোধী দলপতি হিচাপে অসমৰ প্ৰথমগৰাকী নেতা হোৱাৰ গৌৰৱ অৰ্জন কৰিব। একপ্ৰকাৰ ইতিহাস সৃষ্টি কৰিব গৌৰৱ গগৈয়ে।

উল্লেখ্য যে, ২০১৯ চনৰ নিৰ্বাচনত পৰাজয়ৰ পাছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছিল। অৱশেষত মল্লিকাৰ্জুন খৰ্গেক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছিল। সূত্ৰ অনুসৰি ৰাহুল গান্ধীয়ে এতিয়াও কোনো পদ গ্ৰহণৰ পৰা বিৰত আছে।

আনহাতে যদি গৌৰৱ গগৈয়ে সংসদৰ বিৰোধী নেতাৰ পদ লাভ কৰে তেন্তে, বিৰোধী নেতা হিচাপে কেবিনেট মন্ত্ৰীৰ সমানে দৰমহা, ভাট্টা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব। কেবিনেট মন্ত্ৰীৰ দৰে চৰকাৰী বাংলো, বাহন আৰু ১৪ জনীয়া কৰ্মচাৰীও লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gaurav gogoiopposition leader postopposition postrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
Next Post
ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.