অসম লাইভ ২৪ঃ একপ্ৰকাৰ আশাব্যঞ্জক। লাহে লাহে যেন পৰিস্থিতিৰ উন্নতি ঘটিছে।হয়তো পৰিৱেশৰ এনেদৰে উন্নতি ঘটিলে শীঘ্ৰে গুৱাহাটীলৈ ঘূৰি আহিব পূর্বৰ প্ৰাণ-প্ৰাচুর্য। যোৱা কেইদিনমানত মহানগৰত ক’ৰোনা সংক্ৰমণৰ পৰিসংখ্যা পর্যৱেক্ষণ কৰিলে গুৱাহাটীলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ আশা পৰিস্ফূট হয়। যোৱা ৪ জুলাইত ৰাজ্যত সর্বাধিক ১২০২ গৰাকী ক’ৰোনা ৰোগী চিনাক্ত হৈছিল। সেইদিনা গুৱাহাটীত চিনাক্ত হৈছিল সর্বাধিক ৭৭৭ গৰাকী ক’ৰোনা ৰোগী। ৫ জুলাইত গুৱাহাটীত আক্ৰান্ত হৈছিল ৫৫২ গৰাকী ক’ৰোনা ৰোগী। ৬ জুলাইত ৫৯৮ গৰাকী ক’ৰেনা ৰোগী গুৱাহাটীত চিনাক্ত হৈছিল। ৭ জুলাইত ৫৮৮ গৰাকী ক’ৰোনা ৰোগী গুৱাহাটীত চিনাক্ত হৈছিল। ৮ জুলাইত ৫০০ ঘৰৰ পৰা কমি আহিল এই সংখ্যা। সেইদিনা গুৱাহাটীত চিনাক্ত ৪২৩ গৰাকী ক’ৰোনা ৰোগী। ৪০০ ঘৰৰ পৰাও কমিল আক্ৰান্তৰ সংখ্যা। ৯ জুলাইত পৰিস্থিতিৰ আৰু কিছু উন্নতি ঘটিল। বৃহস্পতিবাৰে, অর্থাৎ কালি গুৱাহাটীত চিনাক্ত হ’ল ৩৫৫ গৰাকী ৰোগী। এনেদৰে আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ কমি অহালৈ চাই গুৱাহাটীৰ পৰিস্থিতি উন্নতি ঘটাৰ আশা কৰিব পাৰি। যদি সকলো ঠিকে থাকে গুৱাহাটীলৈ স্বাভাৱিক অৱস্থা হয়তো শীঘ্ৰে ঘূৰি আহিব। তদুপৰি আশাব্যঞ্জক কথা এই যে সমগ্ৰ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা। অৱশ্যে দুর্ভাগ্যজনকভাৱে বাঢ়িছে মৃতকৰ সংখ্যা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ