অসম লাইভ ২৪ঃ ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ৷ দম্পতীৰ বন্ধ কোঠাৰ উচ্চতম মানৱীয় আমেজ হিম শীতল হৈ পৰিব পাৰে৷ ক’ৰোনা আক্ৰান্ত হোৱাৰ পাছত পুৰুষৰ যৌন জীৱনত ব্যাপক কুপ্ৰভাৱ পৰিব পাৰে৷ কোভিডমুক্ত হোৱাৰ পাছতো পুৰুষৰ যৌন জীৱন ভয়ংকৰভাৱে প্ৰভাৱিত হ’ব পাৰে বুলি এক গৱেষণাৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰিছ৷
এক গৱেষণাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য৷ ক’ৰোনা ভাইৰাছে পুৰুষৰ যৌনাংগৰ ৰক্ত প্ৰৱাহ প্ৰভাৱিত কৰে৷ যাৰ ফলত ‘ইৰেক্টাইল ডিচফাংচন’ৰ সমস্যাত ভোগে পুৰুষসকল, যিয়ে পুৰুষৰ শুক্ৰাণুৰ টেষ্টোষ্টেৰ’নৰ স্তৰ হ্ৰাস কৰে৷ কোভিডমুক্ত হোৱাৰ পাছতো যৌনাংগত ভাইৰাছৰ অৱস্থিতি থাকি যায়৷ ইৰেক্টাইন ডিচফাংচনৰ ফলত শুক্ৰাণুৰ স্তৰ কমি যোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায় পুৰুষৰ৷ ইয়ে পাছলৈ SARS CoV-2 ৰোগৰ কাৰণ হ’বগৈ পাৰে৷ ইউনিভাৰচিটি অৱ মিয়ামিৰ এক গৱেষণাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য৷ কোভিডত আক্ৰান্ত হোৱা পুৰুষৰ যৌনাংগ স্কেন কৰা হৈছিল গৱেষণা কালত৷ কোভিডমুক্ত হোৱাৰ ৬ মাহ পাছতো যৌনাংগত থকা ইৰেক্টাইল কোষত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি দেখা পোৱা গৈছিল৷ সমান্তৰালভাৱে এই ভাইৰাছে ব্যক্তিৰ শৰীৰৰ অন্তৰ্ভাগৰ অংগসমূহো দুৰ্বল কৰি তোলে৷ যদিহে ভাইৰাছৰ প্ৰভাৱত যৌনাংগৰ ৰক্ত প্ৰৱাহ বন্ধ হয়, তেতিয়া চিৰদিনৰ বাবে যৌন ক্ষমতা হেৰুৱাবলগীয়া হ’ব পাৰে ব্যক্তিগৰাকীয়ে৷ হয়তো শীতল নিশাৰ উত্তাপ চিৰদিনলৈ কাঢ়ি নিব পাৰে মহামাৰী ক’ৰোনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















