অসম লাইভ ২৪ঃ দিল্লী চৰকাৰে পুনৰ বৃদ্ধি কৰিলে লকডাউনৰ সময়সীমা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৩১ মে’ৰ পুৱা ৫ বজালৈ লকডাউনৰ সময়সীমা বৃদ্ধি ঘোষণা কৰে। এইবাৰৰ লকডাউনত অধিক কঠোৰ হ’ব দিল্লী চৰকাৰ। অহা ৭টা দিনত মেট্ৰ’ৰ চলাচলো বন্ধ কৰিছে দিল্লী চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ৰাজধানী দিল্লীত লকডাউনৰ বাবে হ্ৰাস পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। যদি এনেদৰে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস হয়, তেন্তে ৩১ মে’ৰ পাছত দিল্লীত পুনৰ লকডাউন নিদিয়ে চৰকাৰে। দিল্লীক আনলক কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত বিগত ২৪ ঘণ্টাত ১,৬৪৯ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে। আনহাতে ৫,১৫৮ জন লোকে আৰোগ্য লাভ কৰিছে ক’ৰোনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ