অসম লাইভ ২৪ঃ ৭ মে’ৰ পাছত হ্ৰাস পাব ক’ৰোনা সংক্ৰমণৰ ঘটনা। গাণিতিক মডেলিং বিশেষজ্ঞ প্ৰফেচাৰ এম. বিদ্যাসাগৰে জনাইছে এই কথা। এম. বিদ্যাসাগৰৰ মতে, ৭ মে’ত কোভিডৰ দ্বিতীয় লহৰে চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ আশংকা আছে। গতিকে স্বাস্থ্য বিভাগে এই দিনটোৰ বাবে পূৰ্বৰ পৰাই প্ৰস্তুত থকাৰ প্ৰয়োজন আছে। তাৰ পাছৰে পৰা ক্ৰমান্বয়ে দেশত হ্ৰাস পাব কোভিড সংক্ৰমণ। কিন্তু বিভিন্ন ৰাজ্যত বেলেগ বেলেগ সময়ত হ্ৰাস পাব সংক্ৰমণৰ ঘটনা। এম. বিদ্যাসাগৰৰ পূৰ্বানুমান সঁচা হ’লে এক ডাঙৰ সকাহ হ’ব সমগ্ৰ দেশৰ বাবে। তেওঁ কয়, মহাৰাষ্ট্ৰত আৰম্ভ হৈছিল ক’ৰোনাৰ দ্বিতীয় লহৰ। যিসমূহ ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা দূৰত অৱস্থিত সেইসমূহ ৰাজ্যত কিছু পলমকৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ক’ৰোনাৰ সংক্ৰমণ। আগন্তুক ১০-১৫ দিনৰ ভিতৰত ভাৰতৰ সকলো ৰাজ্যত কোভিডৰ দ্বিতীয় লহৰে চূড়ান্ত পৰ্যায়ত উপনীত হ’ব আৰু তাৰ পাছৰে পৰা ৰাজ্যসমূহত সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিব। ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ কৰিছে প্ৰফেচাৰ এম. বিদ্যাসাগৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ