কোভিডৰ তৃতীয় ঢৌৱে কোবাই যাব নেকি সমগ্ৰ দেশ! এই আশংকাকে ঘণীভূত কৰি দেওবাৰৰ দিনটোত দেশত কোভিড আক্ৰান্তৰ সংখ্যা অস্বাভাৱিকৰূপে বৃদ্ধি পাইছে৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ দিনটোত দেশৰ কোভিড সংক্ৰমণৰ বৃদ্ধিৰ হাৰ হৈছে ৯০ শতাংশ৷ কালি দিনটোত সমগ্ৰ দেশতে কোভিড আক্ৰান্তৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে৷
উল্লেখ্য যে এয়া হৈছে যোৱা এটা মাহত সৰ্বাধিক সংক্ৰমণৰ সংখ্যা৷ কালি দিনটোত ২১৮৩ গৰাকী আক্ৰান্তৰ পঞ্জীয়নভুক্ত হোৱা বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক ৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন…
যোৱা ১৯ মাৰ্চত দেশত শেষবাৰৰ বাবে কোভিড আক্ৰান্ত ২০০০ স্পৰ্শ কৰিছিল৷ উক্ত দিনটোত কোভিড সংক্ৰমণৰ সংখ্যা আছিল ২০৭৫ গৰাকী৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যৰ মতে যোৱা ২৪ ঘণ্টাত ২১৪ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।
ইফালে মাস্ক পৰিধানৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ কেইদিনমান পিছত দিল্লীত পুনৰ উদ্বেগজনকভাৱে কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি দেখা গৈছে৷ প্ৰায় দুবছৰৰ পিছত দিল্লীৰ বিদ্যালয়সমূহৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ হৈছিল যদিও এতিয়া পুনৰ শিক্ষাৰ্থীসকলো আক্ৰান্ত হৈছে৷ দেশৰ ৰাজধানীত শেহতীয়াকৈ ৫১৭ গৰাকী লোক আক্ৰান্ত হোৱা দেখা হৈছে। এদিন পূৰ্বে দিল্লীত আক্ৰান্তৰ সংখ্যা আছিল ৪৬১ গৰাকী৷
দেশৰ ৰাজ্যশমূহৰ ভিতৰত কেৰালাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক৷ কেৰেলাত আক্ৰান্তৰ সংখ্যা হৈছে ৯৪০ গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ