অসম লাইভ ২৪ঃ সমগ্ৰ দেশত পুনৰ ক’ৰোনাই কালৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২,৫৯,১৭০ জন। বৰ্তমানলৈকে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২০,৩১,৯৭৭ গৰাকী। তদুপৰি এদিনত দেশত মৃত্যু হৈছে ১,৭৬১ গৰাকী কোভিড ৰোগীৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে ১,৫৪,৭৬১ গৰাকী ব্যক্তি কোভিডমুক্ত হৈছে ভাৰতত। অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। সোমবাৰে অসমত ক’ৰোনাত আক্ৰান্ত হয় ১,৩৬৭ গৰাকী ব্যক্তি। ইয়াৰে গুৱাহাটী মহানগৰীত ৪৮২ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ অৱস্থিতি। বিগত দিনটোত ৰাজ্যত মুঠ ৬৫,৪১০ গৰাকী ব্যক্তিক কোভিড পৰীক্ষণ সম্পন্ন কৰা হয়। ইয়াৰে ১৩৬৭ জন ব্যক্তিৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰ সমান্তৰালকৈ দেশত দ্ৰুতগতিত চলি আছে ভেকচিনেচন প্ৰক্ৰিয়া। ১ মে’ৰ পৰা আৰম্ভ হ’ব ১৮ ঊৰ্ধ্বৰ সকলো ব্যক্তিৰ ভেকচিনেচন প্ৰক্ৰিয়া। সম্প্ৰতি দেশত সক্ৰিয় অৱস্থাত আছে ২০ লাখ কোভিড ৰোগী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে সৰ্বাধিক কোভিড সংক্ৰমিত দেশৰ দ্বিতীয় স্থানত আছে ভাৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















