শীঘ্ৰেই বাণিজ্যিকভাৱে উপলব্ধ হ’ব কোভিড ভেকচিন কোভাক্সিন আৰু কোভিশ্বিল্ড৷ ভাৰতৰ ড্ৰাগ ৰেগুলেটৰে অনুমোদন জনালেই উচিত মূল্যত বজাৰত উপলব্ধ হ’ব দুয়োবিধ কোভিড ভেকচিন৷ দুয়োবিধ ভেকচিনৰ বজাৰ মূল্য নিৰ্ধাৰণ প্ৰায় নিশ্চিত কৰা হৈছে ২৭৫ টকাত৷
NPPA য়ে দাম নিৰ্ধাৰণ সন্দৰ্ভত ইতিমধ্যে কাম আৰম্ভ কৰিছে৷ DCGIৰ অনুমোদন পালে শীঘ্ৰেই বাণিজ্যিকভাৱে মুকলি হ’ব দুয়োবিধ ভেকচিন৷
সম্প্ৰতি, কোভাক্সিনৰ প্ৰতিটো ড’জৰ মূল্য ১২০০ টকা আৰু কোভিশ্বিল্ড উপলব্ধ ৭৮০ টকাত৷ বৰ্তমানলৈকে ভাৰতত ৯২ শতাংশ প্ৰাপ্তবয়স্ক লোকে প্ৰথম ড’জ কোভিড ভেকচিন গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ