অসম লাইভ২৪ঃ এয়া ঘোৰ অশনি সংকেত! বদ্ৰীনাথ মন্দিৰৰ মূল মন্দিৰতেই ফাট মেলিছে। বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে মন্দিৰ কৰ্তৃপক্ষ। সূত্ৰৰ খবৰ অনুসৰি কেইবা সপ্তাহ আগৰে পৰাই মূল মন্দিৰত ফাট মেলিছে। বদ্ৰীনাথ যাবলৈ হ’লে যোশীমঠ পাৰ হৈ যাব লাগে। বদ্ৰীনাথৰ পৰা যোশীমঠৰ দূৰত্ব মাত্ৰ ৪০ কিঃমিঃ। বিগত বৰ্ষৰ শেষৰফালে যোশীমঠৰ বিভিন্ন স্থানত ফাট মেলিছিল। ভয়াৱহভাৱে খহি পৰিছিল বৃহৎ বৃহৎ অট্টালিকাও। বহু ৰাস্তা খহি পৰিছিল। কিন্তু এইবাৰ বদ্ৰীনাথতো একেধৰণে ফাট মেলাক লৈ সংকিত হৈ পৰিছে বহুজন।
আৰ্কিওলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা দলে এই বিষয়টোক লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। আৰ্কিওলজিতকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলে এই সন্দৰ্ভত কয় যে বদ্ৰীনাথ মন্দিৰৰ সিংহ দুৱাৰৰ লোহাৰ পাতৰ ওপৰত তামৰ প্ৰলেপ আছে। সেই পাতসমূহেই ফাটিছে। পুনৰ মেৰামতি কৰা হৈছে যদিও পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। বিষয়টোক লৈ পৰ্যটন মন্ত্ৰী সাতপাল মহাৰাজে কয়, ‘মাটিত ফাট মেলেই। মেৰামতি কৰিলেই ঠিক হৈ যাব।’ বদ্ৰীনাথ মন্দিৰৰ সিংহ দুৱাৰ ১৭০০ শতিকাতে নিৰ্মাণ কৰা হৈছিল। ১৯৯০ৰ দশকত সিংহ দুৱাৰক পুনঃনিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ এই ফাট মেৰামতিৰ বাবে কমেও ৫ কোটি ধন খৰচ হ’ব পাৰে বুলি জনাইছে আৰ্কিওলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ