অসম লাইভ২৪ঃ পৰ্তুগালৰ ছুপাৰষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোক আৰু পৃথককৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। ফুটবলৰ বিশ্বত তেওঁৰ নাম সোণালী আখৰেৰে ইতিমধ্যেই খোদিত হৈছে। ফুটবলৰ কেৰিয়াৰত তেওঁ যিমান ৰেকৰ্ড কৰিছে সেই ৰেকৰ্ড বহুতেই গঢ়িব পৰা নাই। ৰোনাল্ডো খেলৰ বাবেই কেৱল চৰ্চাত নাথাকে। তেওঁ চৰ্চাত থকা আন এক হৈছে ব্যক্তিগত জীৱনটো।
ৰোনাল্ডোৰ ফুটবল কেৰিয়াৰ আৰম্ভ হৈছিল ২০০৩ চনত। ৰোনাল্ডোৰ প্ৰথম আন্তৰ্জাতিক মেচ আছিল কাজাখাস্তানৰ বিৰুদ্ধে। তাৰপাছতেই তেওঁ থমকি ৰ’ব লগা হোৱা নাই। কেৰিয়াৰৰ উন্নতিৰ লগে লগে তেওঁৰ জীৱনলৈ বহু নাৰী আহিল। কিন্তু ২০১৬ চনৰ পৰা জৰ্জিনাৰ সৈতে একেলগে আছে জৰ্জিনা আৰু ৰোনাল্ডো। ৰোনাল্ডো আৰু জৰ্জিনাৰ আছে ৫ সন্তানো। কিন্তু তাৰপাছতো ক্ৰিষ্টিয়ানো আৰু ৰোনাল্ডোয়ে কিয় বিবাহপাশত আৱদ্ধ নহ’ল?
জৰ্জিনাৰ সৈতে সম্পৰ্কক লৈ ইতিমধ্যে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক বহুবাৰ প্ৰশ্নও কৰা হৈছে। এটা ইণ্টাৰভিউত CR7য়ে কৈছে যে সঠিক সময়ত তেওঁলোকে বিয়া কৰাব। আনকি ৰোনাল্ডোৰ মাকৰো এটাই সপোন তেওঁৰ সন্তানে বিবাহ কৰাব। ক্ৰিষ্টিয়ানো ঘনিষ্ঠ এক সূত্ৰই দাবী কৰামতে ৰোনাল্ডোৰ মাতৃয়ে পুত্ৰৰ বিবাহ জৰ্জিনাৰ সৈতে হোৱাটো নিবিচাৰে। মাতৃৰ মতে ৰোনাল্ডোৰ সৈতে জৰ্জিনা কেৱল ধনৰ বাবেহে আছে। ৰোনাল্ডোৰ সম্পত্তিৰ বাবেই জৰ্জিনাই ক্ৰিষ্টিয়ানোক ভালপায়। এটা ৰিপৰ্টে দাবী কৰামতে ৰোনাল্ডোৰ মাতৃৰ সৈতে জৰ্জিনাৰ সম্পৰ্ক একেবাৰেই বেয়া। সেইবাবেই মাতৃয়ে এই বিবাহত মাত দিয়া নাই।
তেওঁৰ ঘনিষ্ট সূত্ৰৰ দাবী যে মাতৃৰ এই বিবাহত মত নাই বাবেই ৰোনাল্ডোয়ে বৰ্তমানলৈ বিবাহপাশত আৱদ্ধ হোৱা নাই। আনহাতে আন এক ৰিপৰ্টমতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰেয়সী জৰ্জিনাই নিজকে ৰোনাল্ডোৰ সৈতে সমকক্ষ বুলিয়েই ভাৱে। সেয়ে বিবাহপাশত আৱদ্ধ হৈ ৰোনাল্ডোৰ তলতীয়া এক জীৱন তেওঁ কাহানিও নিবিচাৰে। সম্প্রতি Netflix-ৰ এটা ৰিয়েলিটি শ্বো ‘Soy Georgina’ত ৰোনাল্ডোৰ বান্ধৱীক বহুবাৰ এই প্ৰশ্ন সোধা হৈছে। তেওঁ সেই প্ৰশ্নৰ উত্তৰত কয় যে ৰোনাল্ডোৰ মত থাকিলে এই বিবাহত তেওঁৰ কোনো আপত্তি নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ