• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

4 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

5 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

6 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

7 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

7 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

8 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

8 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

9 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

9 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

11 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

11 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

editor by editor
July 17, 2022
in বিবিধ, বিশ্ব
0
৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ
0
SHARES
57.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম ওছামা৷ কিন্তু ই মানুহ নহয়৷ এটা প্ৰকাণ্ড আৰু অতি বিপজ্জনক ঘঁৰিয়াল৷ তাৰ দৈৰ্ঘ্য প্ৰায় ১৬ ফুট ৷ একালৰ বিশ্বস্ত্ৰাসী সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ নামেৰে এই ভয়ংকৰ ঘঁৰিয়ালটোৰ নাম ৰখা হৈছিল৷ অঞ্চলটোত চলোৱা সন্ত্ৰাসৰ বাবেই অঞ্চলবাসীয়ে ইয়াৰ নাম ওছামা ৰাখিছে৷

এই প্ৰকাণ্ড তথা ভয়ংকৰ ঘঁৰিয়ালটোৰ বাসস্থান আছিল ভিক্টোৰিয়া নামৰ এটা হ্ৰদ৷ হ্ৰদটো আছে লুগাংগা নামৰ এখন গাঁৱত৷ আৰু এই লুগাংগা নামৰ গাঁওখন আছে আফ্ৰিকা মহাদেশৰ উগাণ্ডাত৷ ভিক্টোৰিয়া নামৰ এই হ্ৰদটো হৈছে আফ্ৰিকা মহাদেশৰ বৃহত্তম হ্ৰদ৷

ডেইলী ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ওছামা নামৰ এই ভয়ংকৰ ঘঁৰিয়ালটো ইমানেই শক্তিশালী যে গাওঁখনৰ ৰাইজে ইয়াক অমৰ বুলি গণ্য কৰি আহিছিল। ঘঁৰিয়ালটোৱে বিগত পোন্ধৰটা বছৰত গাঁওখনৰ ৮৩ গৰাকীকৈ লোকক জীৱন্তে ভক্ষণ কৰিছে৷

লগতে পঢ়ক মাতৃৰ সৈতে বিবাহ মণ্ডপৰ পৰা পলায়ন দৰাৰ, আৰক্ষী থানাত সম্পন্ন হ’ল বিবাহ

লুগাংগা গাঁওবাসীয়ে কোৱা অনুসৰি যিমানজন লোকে এই হ্ৰদটোলৈ গৈছে তাৰে অধিকাংশ লোকেই ওছামা নামৰ সন্ত্ৰাস সৃষ্টিকাৰী ঘঁৰিয়ালটোৰ চিকাৰ হৈছে৷ এক তথ্যৰ মতে গাঁওখনৰ প্ৰায় এক দশমাংশ লোক ওছামা ঘঁৰিয়ালৰ চিকাৰ হৈছে৷ সেয়ে অঞ্চলটোৰ লোকে উক্ত হ্ৰদটোলৈ যাবলৈ প্ৰায়ে বন্ধ কৰাৰ দৰে হৈছিল৷

ওছামা ঘঁৰিয়ালে প্ৰথমটো চিকাৰ কৰিছিল ১৯৯১ চনত৷ গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি ঘঁৰিয়ালটোৱে হ্ৰদৰ পাৰত লুকাই আছিল আৰু পাৰত মানুহ দেখাৰ লগে লগে হঠাতে এম্বুশ কৰি তাৰ চিকাৰ জীয়াই জীয়াই ভক্ষণ কৰিছিল৷ আৰু সেয়াই আছিল তাৰ আৰম্ভণি৷ ইয়াৰ পিছত বিভিন্ন ধৰণেৰে আক্ৰমণ কৰি ওছামাই মানুহক চিকাৰ কৰি ভক্ষণ কৰিছিল৷

ইয়াৰ ২০০৫ চনলৈকে অৰ্থাৎ প্ৰায় পোন্ধৰটা বছৰত এই ঘঁৰিয়ালটোৱে গাঁওখনৰ ৮৩ লোকক ভক্ষণ কৰিছে৷ ইয়াৰ ভিতৰ বৃদ্ধ, শিশু, মহিলা আদিও আছে৷

লগতে পঢ়ক মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

পূৰ্বেই উল্লেখ কৰা হৈছে যে এই ওছামা ঘঁৰিয়ালে বাস কৰা এই ভিক্টোৰিয়া হ্ৰদটো হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ৷ সেয়ে অঞ্চলটোৰ লোকসকলৰ জীৱন-জীৱিকাত ভিক্টোৰিয়া হ্ৰদৰ অপৰিহীম গুৰুত্ব আছে৷

ওছামা ঘঁৰিয়ালৰ বলি হোৱা এজন লোকৰ ভাতৃয়ে ডেইলী ষ্টাৰক ওছামা ঘঁৰিয়ালে কেনেকৈ চিকাৰ কৰে তাৰ জীৱন্ত তথা ভয়ংকৰ বিৱৰণ দিছে৷ লোকজনে কয় যে তেওঁ নাওখন চলাই আছিল আৰু তেওঁৰ ভাতৃয়ে নাওখনৰ সন্মুখত বহি মাছ ধৰি আছিল৷ তেনে ধুমুহাৰ গতিত আহি ওছামা ঘঁৰিয়ালে তেওঁৰ ভাতৃক কামুৰি পানীৰ তললৈ সোমাই গৈছিল।

তেওঁ লগতে বৰ্ণনা কৰিছে কেনেকৈ ওছামা ঘঁৰিয়ালে চিকাৰ আক্ৰমণ কৰে৷ তেওঁ দিয়া বিৱৰণ অনুসৰি নাৱেৰে মাছ মাৰি থাকোতে ওছামাই পানীৰ পৰা ওলাই আহি পানীৰ ঢৌৰ সৃষ্টি কৰি নাওখন ভাৰসাম্যহীন কৰি তোলে। নাওখন পানীৰ ঢৌ টুলুং-ভুটুং হোৱাৰ লগে লগে চিকাৰক আক্ৰমণ কৰে।

লগতে পঢ়ক সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

‘‘এইদৰেই মোৰ ভাতৃক ওছামাই চিকাৰ কৰিছিল৷ ওছামাই মোৰ ভাতৃৰ ভৰিত কামুৰি পানীৰ তললৈ নি ভক্ষণ কৰে৷ সৌভাগ্যক্ৰমে মই ৰক্ষা পৰিলো৷’’ লোকজনে কয়৷

মন কৰিবলগীয়া যে ২০০৫ চনত গাঁওবাসীৰ সহায়ত বন্যপ্ৰাণী বিষয়াসকলে ভয়ংকৰ ঘঁৰিয়াল ওছামাক ধৰিছিল। ওছামাক ধৰিবলৈ এসপ্তাহতকৈও অধিক সময় এই অভিযান চলোৱা হৈছিল। ওছামা ধৰিবলৈ মাংসৰ প্ৰলোভন দিয়া হৈছিল।

এই ভয়ংকৰ ঘঁৰিয়ালটোক বন্যপ্ৰাণী বিষয়াসকলে ধৰি বন্দী কৰি হ্ৰদটোৰ পৰা লৈ যায়৷ এইদৰেই প্ৰায় ডেৰ দশক সন্ত্ৰাস চলোৱাৰ অন্তত ২০০৫ চনত লুগাংগা গাঁৱৰ ৰাইজে ওছামা নামৰ ভয়ংকৰ ঘঁৰিয়ালটোৰ সন্ত্ৰাসৰ পৰা মুক্তি লাভ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLunganga villageOsama CrocodileUgandaVictoria Lake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.