যদি আপুনি বিমানেৰে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালৈ এটা অতি ভাল খবৰ আছে। আপোনাৰ বাবে আগবঢ়োৱা হৈছে এক বিশেষ সুযোগ!
IRCTCএ বিমান টিকট বুকিং কৰাৰ ক্ষেত্ৰত এক বাম্পাৰ অফাৰ আগবঢ়াইছে। এই অফাৰ অনুসৰি আপুনি মাত্ৰ ১০০ টকাত বিমানৰ টিকট বুকিং কৰাৰ সুযোগ লাভ কৰিব পাৰে! ইয়াৰ লগতে ৫০ লাখ টকাৰ বীমাৰ সুবিধাও ল’ব পাৰিব।
যদি আপুনি IRCTC ৱেবচাইট বা IRCTC Air App ৰ জৰিয়তে বিমানৰ টিকট বুকিং কৰে, তেতিয়াহে আপুনি এই সুবিধাৰ লগতে আন বহুতো সুবিধা লাভ কৰিব। IRCTC Airৰ ৱেবছাইট অনুসৰি SBI Card Premierৰ জৰিয়তে ধন পৰিশোধ কৰিলে ৫% মূল্যও ঘূৰাই পাব।
লগত পঢ়ক নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ
ইয়াৰ বাহিৰেও যদি আপুনি আমেৰিকান এক্সপ্ৰেছ কাৰ্ডৰ সহায়ত পেমেণ্ট কৰি বিমানৰ টিকট বুকিং কৰে, তেন্তে আপুনি তৎক্ষণাত ৭% ৰেহাই পাব। অৱশ্যে এই অফাৰ ৩০ জুলাইলৈ সীমিত। একে সময়তে ইয়াৰ সুবিধা ল’বলৈ হ’লে বুধবাৰে বুকিং কৰিব লাগিব।
IRCTC Air App বা ৱেবছাইটৰ জৰিয়তে টিকট বুকিঙৰ ক্ষেত্ৰত মাত্ৰ ৫৯ টা সুবিধাজনক মাচুল নিৰ্ধাৰণ কৰা হয়। আপুনি IRCTCৰ জৰিয়তে টিকট বুকিং কৰে, তেন্তে আপুনি ৫০ লাখ পৰ্যন্ত বিনামূলীয়া ভ্ৰমণ বীমাৰ সুবিধা লাভ কৰিব পাৰে।
IRCTCৰ অন্যান্য অফাৰ আৰু ৰেহাইসমূহৰ ভিতৰত এল টি চি টিকট বুকিঙৰ বাবে সুকীয়াকৈ বিশেষ প্ৰতিৰক্ষা ভাড়াৰ ৰেহাইও আছে।
লগত পঢ়ক পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!
বিমানৰ টিকট কেনেকৈ বুকিং কৰিব?
টিকট বুকিং কৰিবলৈ প্ৰথমে https://www.air.irctc.co.in/ চাওক।
তাৰ পিছত আপোনাৰ আইডিত লগইন কৰক।
ইয়াৰ পিছত প্ৰস্থান আৰু আগমনৰ স্থান পূৰণ কৰিব।
তাৰ পিছত অফাৰসমূহ পৰীক্ষা কৰাৰ পিছত পেমেণ্ট বিকল্পটো নিৰ্বাচন কৰক।
তাৰ পিছত আপোনাৰ ফ্লাইট বুকিং কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ