এক অদ্ভুত তথা আমোদজনক ঘটনা পোহৰলৈ আহিছে৷ নিজৰ বিবাহ মণ্ডপৰ পৰা এজন দৰাই মাতৃৰ সৈতে পলায়ন কৰে৷ পাছত আৰক্ষীৰ হস্তক্ষেপত বিবাহসম্পন্ন কৰিবলৈ বাধ্য হয় দৰা৷
এই ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা যোৱা শুকুৰবাৰে লক্ষ্ণৌৰ কৈজাৰৰাগ কোতৱালীৰ বিবাহ মণ্ডপৰ পৰা দৰা আজমে মাতৃৰ সৈতে পলায়ন কৰে৷
শুকুৰবাৰে আজমৰ সৈতে জামবুৰখানাৰ বাসিন্দা ছোনিয়াৰ বিবাহ অনুষ্ঠান আয়োজন কৰা হৈছিল৷ নিৰ্দিষ্ট সময়ত বিবাহস্থলীত দৰাসহ বৰযাত্ৰী উপস্থিত হয়৷ সেই স্থানত ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ মৌলবীও উপস্থিত হয়৷
লগতে পঢ়ক সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত
তেনে সময়তে হঠাতে দৰাই মাতৃৰ সৈতে বিবাহ মণ্ডপৰ পৰা পলায়ন কৰে৷ মাতৃৰ সৈতে দৰাই বিবাহ মণ্ডপৰ পৰা পলায়ন কৰাৰ পাছতে সকলোৱে দৰাক বিচাৰ খোচাৰ কৰিবলৈ ধৰে৷ ইফালে সেই স্থান ত্যাগ কৰিয়ে দৰাই নিজৰ মোবাইল ফোন অফ কৰি দিয়ে৷ কইনা ঘৰৰ মানুহে দৰালৈ বাৰম্বাৰ ফোন লগাইও যোগাযোগ কৰিবলৈ ব্যৰ্থ হৈ অৱশেষত স্থানীয় আৰক্ষীৰ ওচৰ চাপে৷
কৈজাৰবাগ আৰক্ষী চকীৰ আৰক্ষীয়ে কইনা পক্ষৰ লোকৰ অভিযোগৰ ভিত্তিত দৰাৰ সন্ধানত নামি পৰে৷ আৰক্ষীয়ে অভিযান চলাই দৰাৰ সন্ধান লাভ কৰে৷
লগতে পঢ়ক নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ
আৰক্ষীয়ে দৰা আজমক আৰক্ষী চকীলৈ লৈ আনে আৰু কইনাসহ মৌলবীকো চকীলৈ তলৱ কৰে৷ অৱশেষত আৰক্ষী চকীতে আৰক্ষীৰ তত্বাৱধানত মৌলবীয়ে ধৰ্মীয় ৰীতি-নীতিৰে দুয়োৰে বিবাহখন সম্পন্ন কৰোৱাই দিয়ে৷
ইফালে দৰা আজমে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে যে বিবাহ মণ্ডপত উপস্থিত হোৱাৰ পিছত তেওঁ কইনা পক্ষৰ লোকসকলৰ আচাৰ ব্যৱহাৰ ভাল পোৱা নাছিল৷ দৰা আজমে কইনা পক্ষৰ লোকৰ এনে আচৰণত ক্ষুব্ধ হৈয়ে মাতৃৰ সৈতে কথা পাতি বিবাহখন ভংগ কৰাৰ চিন্তা কৰি বিবাহ মণ্ডপৰ পৰা কাকো নোকোৱাই আঁতৰি যায় বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ