এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী পিতৃয়ে তিনি সতীৰ্থসহ নিজ কন্যাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
ঘটনাটো পশ্চিমবংগৰ বীৰভূমৰ বোলপুৰৰ আদিবাসীপাৰাত সংঘটিত হৈছে৷ যুৱতীগৰাকীয়ে আৰক্ষী থানাত অভিযোগ কৰা অনুসৰি যোৱা ৩১ তাৰিখে দীপ্তি ঘোষ নামৰ এজন যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰে৷
যুৱকজনে এই কথা ৰাজহুৱা কৰিলে যুৱতীগৰাকীক হত্যা কৰাৰ ভাবুকি দিয়ে৷ এই কথাত শংকিত হৈ যুৱতীগৰাকীয়ে ভগ্নীৰ ঘৰলৈ গুচি যায়৷ কিন্তু ভগ্নীৰ ঘৰপৰা ওভতি অহাৰ পিছতে যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ বিচাৰে যদিও পিতৃ-মাতৃয়ে শংকিত হৈ বাধা প্ৰদান কৰে৷
লগতে পঢ়ক দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!
ইয়াৰ পিছতে অসুস্থ যুৱতীগৰাকীয়ে যোৱা ৩ এপ্ৰিলত বৰ্ধমানৰ চিকিৎসকৰ ওচৰৰ পৰা ওভতি অহাৰ পথত পুনৰ দীপ্তি ঘোষক, যুৱতীগৰাকীৰ পিতৃ আৰু বাবলু চুৰেণ নামৰ লোকজনে গণধৰ্ষণ কৰে৷
এই ঘটনাৰ পিছতে সমগ্ৰ ঘটনা বিৱৰী যুৱতীগৰাকীয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধাপোচ কৰি আছে৷ আনহাতে, আনজন অভিযুক্তসহ যুৱতীগৰাকী পিতৃ আৰু মাতৃও এতিয়া পলাতক হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ