পিতৃৰ সৈতে কোনা সম্পৰ্ক ৰক্ষা নকৰা কন্যাই এতিয়াৰে পৰা পিতৃৰ সম্পত্তিৰ অংশ লাভ নকৰিব৷ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে৷
বুধবাৰে এই ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে পিতৃৰ সৈতে সম্পৰ্ক বজাই নৰখা কন্যাই এতিয়াৰে পৰা শিক্ষা বা বিবাহৰ বাবে পিতৃৰ আৰ্জিত কোনো সম্পত্তিৰ অধিকাৰী নহ’ব৷
ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ এক বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰিছে৷
লগতে পঢ়ক বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!
সংশ্লিষ্ট গোচৰটোৰ মতে পিতৃৰ সৈতে কোনো সম্পৰ্ক ৰক্ষা নকৰা এগৰাকী ২০ বছৰীয়া যুৱতীয়ে পিতৃৰ সম্পত্তিৰ অধিকাৰ দাবী কৰা হৈছিল৷
সৰ্বোচ্চ ন্যায়ালয়ে ৰায়টোত কয় যে যুৱতীগৰাকীয়ে পিতৃৰ সৈতে সম্পৰ্ক ছিন্নি কৰি নিজৰ জীৱনৰ পথ লোৱাৰ পিছত পিত়ৃৰ আৰ্জিত সম্পত্তিৰ অধিকাৰী হ’ব নোৱাৰিব৷
এক দম্পতীৰ বিবাহ বিচ্ছেদৰ এটা অমীমাংসিত গোচৰৰ স্বামীয়ে পুনৰ দাম্পত্য জীৱনৰ পুনৰোদ্ধাৰৰ বাবে চেষ্টা কৰি নিম্ন আদালতৰ দ্বাৰস্থ হৈছিল৷
লগতে পঢ়ক ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!
নিম্ন আদালতে উক্ত গোচৰটো খাৰিজ কৰাৰ পিছতে জিলা সত্ৰ ন্যায়ালয়ত বিবাহ বিচ্ছেদ কৰিবলৈ আবেদন কৰিছিল৷ কিন্তু পত্নীয়ে ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ত স্বামীৰ আবেদনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনায়৷
ইয়াৰ পিছতে স্বামীয়ে পুনৰ গোচৰ আবেদন কৰি গোচৰটো মীমাংসাৰ উচ্চতম ন্যায়ালয় ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ