বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ এই ৰায়ে ভাৰতৰ পুৰুষতান্ত্ৰিক সামন্তীয় ধ্যান ধাৰণা আৰু লিংগ বৈষম্যমূলক সমাজ ব্যৱস্থাৰ ওপৰত এক প্ৰকাৰে আঘাতেই কৰিছে৷ বিশেষতঃ সামন্তবাদী পৰুষ প্ৰধান ভাৰতীয় সমাজ ব্যৱস্থাটোত সম্পত্তিৰ ওপৰত কেৱল পুৰুষৰ অধিকাৰ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাটোৰ ওপৰত এই ৰায়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এতিহালিক ৰায় প্ৰদান কৰি কয় যে এতিয়াৰে পৰা যৌথ পৰিয়ালৰ এজন লোকে অনিচ্ছা অৰ্থাৎ ইচ্ছাৰ অবিহনে মৃত্যুক আকোৱালি ল’লে তেওঁৰ কন্যা সন্তানেও সম্পত্তিৰ অধিকাৰী হ’ব৷ আনকি অগ্ৰাধিকাৰ ভিত্তিত পুত্ৰ সন্তানতকৈ কন্যা সন্তানক অধিক গুৰুত্ব প্ৰদান কৰা হ’ব৷
উচ্চতম ন্যায়ালয়ৰ নতুন ৰায়টোৰ মতে ইচ্ছাপত্ৰৰ অবিহনে মৃত্যু হোৱা এজন লোকৰ কন্যা সন্তানেও এতিয়াৰ পৰা উত্তৰাধিকাৰ আৰু আগ্ৰাধিকাৰ ভিত্তিত পৈতৃক সম্পত্তিৰ লাভ কৰিব৷ ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে ৫১ পৃষ্ঠাৰ ৰায়টোত লগতে কয় যে হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি পিতৃৰ সম্পত্তিৰ ওপৰত কন্যাৰো সমান অধিকাৰ আছে৷ উল্লেখ্য যে হিন্দু উত্তৰাধিকাৰী আইনে কন্যাসকলক পিতৃৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ কৰিলেও যৌথ পৰিয়ালৰ এজন পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ কন্যা সন্তানে সম্পত্তিৰ অধিকাৰ সমানে লাভ কৰিব নে নকৰে সেয়া স্পষ্ট হোৱা নাছিল৷ বিশেষকৈ ১৯৫৯ চনৰ আগৰ পৈতৃক সম্পত্তি ভাগ বটোৱাৰ ক্ষেত্ৰত ইয়াৰ কোনা স্পষ্ট নিৰ্দেশনা নাছিল৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়টোৱে এই অমীমাংসিত দিশসমূহক স্পষ্ট কৰি দিছে৷
ৰায়টোৰ মতে হিন্দু উত্তৰাধিকাৰী আইনখন কাৰ্যকৰী হোৱাৰ পূৰ্বে হিন্দু ধৰ্মীয় ব্যৱস্থাই ইয়াক স্বীকৃতি প্ৰদান কৰিছিল। ইফালে ভাৰতৰ পুৰুষান্ত্ৰিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ কন্যা সন্তান থকা এজন লোকৰ মৃত্যু হ’লে তেওঁৰ সম্পত্তি ভাতৃৰ পুত্ৰক দিয়াৰ দৰে দস্তুৰো আছিল৷ কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে এই দস্তুৰ বিপৰীতে হিন্দু উত্তৰাধিকাৰ আইনক ১৯৫৯ চনৰ আগতে সম্পত্তি ভাগ বটোৱা হোৱালৈকে সম্প্ৰসাৰিত কৰিছে৷ অৰ্থাৎ ১৯৫৯ চনৰ পূৰ্বেও ভাগ বটোৱা কৰা সম্পত্তিৰ ক্ষেত্ৰতো হিন্দুই উত্তৰাধিকাৰ আইন প্ৰযোজ্য হ’ব৷ ইয়াৰ ফলত ১৯৫৯ চনৰ আগৰ যৌথ পৰিয়ালৰ লোকৰ কন্যা সন্তানসকলেও পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ লাভ কৰিব৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা এই ৰায় এইবাবেই ঐতিহাসিক বুলি বিবেচিত হৈছে৷
ইচ্ছাপত্ৰ প্ৰস্তুত নকৰা ১৯৪৯ চনত এটা যৌথ পৰিয়ালত মৃত্যু হোৱা এজন লোকৰ সম্পত্তি ভাগ বটোৱাৰ বিবাদে গৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল৷ বিবদমান গোচৰটোৰ মতে লোকজনৰ পুৰুষ সন্তানসকলে কন্যা সন্তানক পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰিছিল৷
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে যৌথ পৰিয়ালৰ আচিলাৰে মৃত লোকগৰাকীৰ কন্যা সন্তানক বঞ্চিত কৰি কেৱল পুত্ৰ সন্তানসকলক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছিল৷ লোকগৰাকীৰ কন্যাই এই ৰায়ৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ এক গোচৰ তৰে৷ আৰু উচ্চতম ন্যায়ালয়ে গোচৰীয়া কন্যাগৰাকীৰ সপক্ষে ৰায় প্ৰদান কৰি যৌথ পৰিয়ালৰ কন্যাও পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ আছে বুলি মন্তব্য কৰিছে৷ যোৱা ৭ টা দশক ধৰি চলি থকা এই সম্পত্তি কেন্দ্ৰিক বিবাদক মীমাংসা কৰি উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়ত কয় যে ইচ্ছাপত্ৰ অবিহনে মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ কন্যাসকল পিতৃৰ স্ব-উপাৰ্জিত আৰু অন্যান্য সম্পত্তিৰ সমানে অধিকাৰী হ’ব আৰু পৰিয়ালৰ আন সদস্যৰ ভিতৰত কন্যাক প্ৰাধান্যও দিব লাগিব।
হিন্দু উত্তৰাধিকাৰ আইন-১৯৫৯ও অমীমাংসা কৰি ৰখা এটা অতি বিবদমান গোচৰ নিষ্পত্তি কৰি উচ্চতম ন্যায়ালয়ে সম্পত্তি ভাগ বটোৱাৰ ক্ষেত্ৰত দিয়া এই নিৰ্দেশনাই ভাৰতীয় পুৰুষপ্ৰধান সমান্তবাদী সমাজ ব্যৱস্থাত এই বাবেই ঐতিহাসিকৰূপে বিবেচিত হৈ ৰ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ