বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ
চলচ্চিত্ৰ জগতৰ এনে কিছু অভিনেতা আছে যাৰ বাস্তৱ জীৱনো তেওঁলোকৰ ৰিল লাইফৰ সৈতে কেতিয়াবা মিল খাই যায়। প্ৰায়ে চিনেমাত দেখিবলৈ পোৱা যায় যে নায়ক আৰু নায়িকাৰ জীৱনলৈ তৃতীয় এজন ব্যক্তি আহে, যিয়ে কাহিনীটোক নতুন ৰূপ দিয়ে আৰু তাৰ পিছত কাহিনী আৰম্ভ হয়।
পাছে হিন্দী চিনেমাৰ এগৰাকী শিল্পীৰ কথা, যাৰ বাস্তৱ জীৱনতো একেধৰণৰ কিবা এটা ঘটিছিল। অন্যৰ পত্নীক নিজৰ বুলি ভাবি পাৰ কৰিছিল ২০ বছৰ।
সেই অভিনেতাগৰাকী আন কোনো নহয়, হিন্দী চিনেমাৰ চাইড ৰোল কৰা জনপ্ৰিয় অভিনেতা দীপক তিজোৰী। দীপক তিজোৰী সেইজন অভিনেতা যাৰ বাস্তৱ জীৱন ছবি এখনৰ কাহিনীৰ দৰে। দীপকে হিন্দী চিনেমাক বহু ছবি দিছে। চিনেমাত পাৰ্শ্ব নায়ক হিচাপে দেখা গ’লেও মানুহৰ হৃদয় জয় কৰাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কোনো গাফিলতি কৰা নাছিল।
পাছে সেই অভিনেতাৰ জীৱন হৈ পৰিছিল এক মিছাৰ ওপৰত আধাৰিত। সদ্যহতে জীৱনৰ ওপৰত প্ৰকাশ কৰে এই গুৰুত্বপূৰ্ণ খবৰ। শিবানী টোমৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল দীপক তিজোৰী। পাছে ২০১৭ চনত পত্নীয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে স্বামী দীপকক।
তেতিয়াই পোহৰলৈ আহে এই সকলো কথা। পত্নীয়ে ভাৱিছিল দীপকৰ অন্যৰ সৈতে সম্পৰ্ক আছে, যাৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছিল, আনহাতে দীপকেও পত্নীৰ বাবে একেই ব্যৱস্থা কৰিছিল।
সেই কাউন্সেলিঙৰতে জানিব পাৰে পত্নীয়ে পূৰ্বৰ স্বামীৰ বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে দীপকৰ সৈতে বিয়াত বহিছিল। তাকো দীপকৰ সৈতে কোনোদিনে ন্যায়িক ব্যৱস্থাৰে বিয়াত বহা নাছিল। যাৰ বাবে শিৱানী কোনোদিনে দীপকৰ পত্নী নাছিল বৰঞ্চ পূৰ্বৰ স্বামীৰেই পত্নী আছিল।
২০ বছৰে ধৰি দীপক শিৱানীৰ সৈতে আছিল। দীপকে সদায়ে শিৱানীকেই নিজৰ পত্নী বুলি ভাবি আহিছিল। পাছে এই সত্য জনাৰ পাছত নিজেই নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাই। কেৱল চিনেমাতেই নহয় সঁচা জীৱনতো পাৰ্শ্ব স্বামীৰ অভিনয় কৰি থকাৰ দৰে লাগি যায় দীপক তিজোৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ