লোকচৰ্চা শেষ হ’ল৷ অৱশেষত অন্তঃসত্বা যে সঁচা সেয়া প্ৰমাণ দিলে দীপিকা পাডুকনে৷ উদৰ উন্মুক্ত কৰি ফটোশ্বুট কৰিছে দীপিকাই৷ এইবাৰ চৰ্চাত চিলমোহৰ মাৰি দীপিকাই ভাষাৰে নকলেও ফটোৰেই দিলে মাতৃ হ’বলৈ গৈ থকাৰ প্ৰমাণ৷ মাতৃ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ ছেপ্টেম্বৰতেই প্ৰথম সন্তানক আদৰিব দীপিকা-ৰণবীৰে৷ ৯মাহত বিশেষ ফটোশ্বুট কৰিছে দীপিকা-ৰণবীৰে৷
বিগত ৯মাহত তেওঁ বহু কটাক্ষৰ স্বীকাৰ হৈছে৷ বহুতেই দাবী কৰিছে যে তেওঁ মাতৃ হোৱাৰ নাটক কৰি আছে৷ বহুতেই আকৌ কৈছিল ছেৰোগেছিৰ মাধ্যমেৰেহে দীপিকাই সন্তান জন্ম দিব এইবোৰ একটিঙহে৷ এই সকলোবোৰ চৰ্চা অৱশেষত মিছা প্ৰমাণিত কৰিলে দীপিকাই৷ সম্ভৱত ভাইৰেল খবৰ অনুসৰি আগন্তুক ২৮ ছেপ্টেম্বৰত প্ৰথম সন্তানক আদৰিক ৰণবীৰ-দীপিকাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ