ক্ষমতালৈ আহি দিল্লীতো মহিলাৰ বাবে মাহিলী অনুদান আৰম্ভ কৰিলে বিজেপি চৰকাৰে৷ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি চৰকাৰে৷ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তই জনাইছে যে, এতিয়াৰে পৰা দিল্লীৰ বাসিন্দা মহিলাসকলক মাহিলী ২৫০০ টকাকৈ অনুদান দিব দিল্লী চৰকাৰে৷ আজিয়েই ৰাজ্যখনৰ মন্ত্ৰীসভাই এই সিদ্ধান্তত অনুমোদনো দিছে৷
দিল্লী মুখ্যমন্ত্ৰীয়ে কয়, ‘আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমি ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠক মাতিছিলো৷ নিৰ্বাচনৰ পূৰ্বে আমি দিল্লীৰ মহিলাসকলক মাহিলী ২৫০০ টকাকৈ দিয়াৰ কথা কৈছিলো৷ আজি মন্ত্ৰীসভাই সেই সিদ্ধান্তত অনুমোদন দিছে৷’ মহিলা সমৃদ্ধি যোজনা নামৰ এই প্ৰকল্পৰ বাবে বাজেটত ৫১০০ কোটি টকা মুকলাই দিয়াৰ সিদ্ধান্ততো অনুমোদন দিছে মন্ত্ৰীসভাই৷ প্ৰকল্প বাস্তবায়নৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন কমিটিও গঠন কৰা হৈছে৷ অতি শীঘ্ৰেই এই প্ৰকল্পৰ নাম নথিভূক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ তাৰবাবে এটা পোৰ্টেলো খোলা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ