৮৮ বছৰীয়া ৰেকৰ্ড ভাঙি প্লাবিত হৈছে দিল্লী৷
শুক্ৰবাৰে দিনজোৰা বৃষ্টিপাতৰ পাছতেই শনিবাৰে পুনৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত৷
বানৰ প্ৰকোপত বৰ্তমানলৈকে ১০জনে সাবটি লৈছে মৃত্যুক৷
মৃতকৰ তালিকাত আছে দুটি শিশুও৷
উত্তৰ পশ্চিম দিল্লীত এতিয়াও ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷
বসন্ত বিহাৰ এলেকাত নিৰ্মীয়মান বহুমহলীয়া অট্টালিকা ভাঙি পৰি মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
বিগত ১০০ বছৰ ধৰি এনে বৃষ্টিপাত দিল্লীত হোৱা নাছিল বুলি সংবাদমেলত জনাইছে দিল্লীৰ জল দপ্তৰৰ মন্ত্ৰী অতিশীয়ে৷
১৯৩৬ চনৰ পাছত মাত্ৰ ২৪ ঘণ্টাত এইবাৰে প্ৰথম য’ত বৰষুণৰ পৰিমাণ ২২৮ মিলিমিটাৰ৷
লেফটেনেণ্ট গভৰ্নৰে ২৪ ঘণ্টাৰ বাবে এটা কণ্ট্ৰল ৰুম খুলি দিয়া হৈছে৷
আগন্তুক ৭ দিনলৈ অব্যাহত থাকিব বৃষ্টিপাত বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ