সুৰক্ষাজনিত কাৰণত থকা চিকিউৰিটি চিষ্টেমেই প্ৰাণ ল’লে দুই কন্যাৰ, নাছিল ভেণ্টিলেছন, খিৰিকিৰ গ্লাছো নোৱাৰিলে ভাঙিব
মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত দেশৰ সৰ্ববৃহৎ মাংস ৰপ্তানিকাৰক হাজী মহম্মদ চেলিম শ্বাব্বো কুৰেশীৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। যি অগ্নিকাণ্ডত কুৰেশীৰ দুয়োগৰাকী কন্যাই প্ৰাণ হেৰুৱাই।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিয়ন্ত্ৰণ কৰাৰ পূৰ্বেই কুৰেশীৰ দুই কন্যা গুলাশ্না (১৫) আৰু অনয়া (১৩)ৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। পত্নী গুলিস্তান কুৰেশী আৰু ঘৰৰ সহায়ক আদিয়ে কোনোমতে পলাই গৈ প্ৰাণ ৰক্ষা কৰে, কিন্তু দুয়ো কন্যাই ওলাই আহিব নোৱাৰি নিজকে ৰক্ষা কৰাৰ বাবে প্ৰথম মহলাৰ গা ধোৱা ঘৰত দৰ্জা বন্ধ কৰি সোমাই পৰে।
পাছে এনে এখন আদ্যৱন্ত ঘৰৰ সুৰক্ষা জনিত কাৰণত ঘৰৰ সকলো ফালে লগোৱা আছিল হাই চিকিউৰিটি চিষ্টেম। গ্লাছবোৰ আছিল বহুত মোটা তৰপৰ। যাক সহজে ভাঙিব নোৱাৰি। লগতে নাছিল কোনো ভেণ্টিলেছন।
যিয়েই কাল হৈ নামে দুই কন্যাৰ জীৱনলৈ। জুইৰ ফলত সমগ্ৰ ঘৰ ধোৱাই আগুৰি ধৰে। আৰু গা ধোৱা ঘৰটোত ধোৱাময় হৈ পৰে পৰিস্থিতি। যাৰ পৰা ৰক্ষা পাবৰ বাবে বহু চেষ্টা কৰিয়ো ভাঙিব নোৱাৰে গ্লাছ, যাৰ পৰিণতিত শেষত গা ধোৱা ঘৰৰ ভিতৰতে স্বাসৰুদ্ধ হৈ পৰি থাকে দুয়ো।
তাৰোপৰি কেউখন দৰ্জাতে লগোৱা আছিল চেঞ্চৰ, সেই চেঞ্চৰ থকা দৰ্জা খুলি যোৱাটোও বাধা হৈছিল উদ্ধাৰকাৰীদলৰ বাবে। তাতে আৰু প্ৰকাণ্ড ঘৰ, দুয়ো কন্যাৰ সন্ধান উলাওতেই বহুখিনি সময় লাগি গৈছিল। তথাপি কোনোমতে দুয়োকে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় পাছে চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ