• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

3 months ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

1 hour ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

3 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

4 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

5 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

7 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

ডেনমাৰ্ক চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ মন্তব্য কিছু অঞ্চল 'ইছলামাবাদৰ দৰে' লগা হৈছে

editor by editor
June 26, 2026
in বিবিধ, বিশ্ব, লেখা
0
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডেনমাৰ্ক চৰকাৰে মছজিদসমূহত লাউডস্পীকাৰযোগে আজান দিয়াৰ ব্যৱস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰসংগ বিবেচনাধীন হৈ আছে। দেশখনৰ এগৰাকী মন্ত্ৰী মৰ্টেন বডস্কভে কয় যে-এই বিষয়ত আইনী দিশসমূহ পুনৰ পৰ্যালোচনা কৰা হ’ব আৰু ইয়াৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম এক প্ৰতিবেদন অনুসৰি, মন্ত্ৰী বডস্কভে মন্তব্য কৰে যে-ডেনমাৰ্কৰ কিছুমান অঞ্চল ‘ইছলামাবাদৰ দৰে’ যেন অনুভৱ হয়। তেওঁৰ মতে-দেশত ক্ৰমবৰ্ধমান ‘ইছলামীকৰণ’ৰ আশংকাৰ বাবেই লাউডস্পীকাৰযোগে আজান দিয়াৰ ওপৰত আইনীভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰসংগটো বিবেচনা কৰা হৈছে। ডেনমাৰ্কৰ ক্ষমতাত থকা ছ’চিয়েল ডেম’ক্ৰেটছ পাৰ্টিয়ে মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ সীমিত কৰাৰ বাবে ইতিপূৰ্বেও দুবাৰ চেষ্টা চলাইছিল। মছজিদত লাউডস্পীকাৰ বন্ধ কৰাৰ দলটোৰ এয়া তৃতীয়টো চেষ্টা।

আইনী পৰ্যালোচনাত আছে প্ৰস্তাৱ

দেশখনত মছজিদসমূহত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ হ’ব নে নাই ইয়াৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই। চৰকাৰী বিষয়াসকলে পৰীক্ষা কৰি আছে যে ডেনমাৰ্কৰ সংবিধানে নিশ্চিত কৰা ধৰ্মীয় স্বাধীনতা আৰু উপাসনাৰ অধিকাৰৰ সৈতে এনে নিষেধাজ্ঞা সামঞ্জস্যপূৰ্ণ হ’ব নে নহয়। সেয়েহে এই বিষয়টো এতিয়াও পৰ্যালোচনাৰ পৰ্যায়তে আছে। ডেনমাৰ্কত লাউডস্পীকাৰযোগে আজান দিয়াক লৈ পূৰ্বেও বিতৰ্কৰ সৃষ্টি হৈছিল। যদিও এতিয়ালৈকে দেশজুৰি সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই, তথাপিও কোপেনহেগেনকে ধৰি কিছুমান ঠাইত শব্দ-নিয়ন্ত্ৰণ সম্পৰ্কীয় স্থানীয় নিয়মৰ বাবে লাউডস্পীকাৰৰ ব্যৱহাৰ ইতিমধ্যে সীমিত কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে, ডেনমাৰ্কে ধৰ্মীয় উত্তেজনা বা উচটনি ৰোধৰ ক্ষেত্ৰতো কিছুমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২০২৩ চনত দেশখনে ধৰ্মীয় গ্ৰন্থৰ অপমান ৰোধৰ উদ্দেশ্যে এক আইনো প্ৰণয়ন কৰিছিল।

ডেনমাৰ্কত মুছলিম জনসংখ্যা

প্ৰায় ৬০ লাখ জনসংখ্যাৰ ডেনমাৰ্কত অধিকাংশ লোকে খ্ৰীষ্টান ধৰ্ম পালন কৰে। কিন্তু বিগত কিছু বছৰত দেশখনত মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ ভাৰত, পাকিস্তান আদি দক্ষিণ এছিয়াৰ দেশৰ পৰা যোৱা বহু লোক ডেনমাৰ্কত বসবাস কৰি আছে। উপলব্ধ তথ্য অনুসৰি, ডেনমাৰ্কত প্ৰায় ২.৭ লাখ মুছলিম লোক বাস কৰে আৰু দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ১০০টাতকৈও অধিক মছজিদ আছে। শেহতীয়াকৈ সমগ্ৰ ইউৰোপতে প্ৰব্ৰজনবিৰোধী মনোভাৱ ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। ইয়াৰ প্ৰভাৱ বিশেষকৈ মুছলিম সম্প্ৰদায় আৰু দক্ষিণ এছিয়াৰ অভিবাসীসকলৰ ওপৰত পৰা দেখা গৈছে। ডেনমাৰ্কতো হিজাব, ইছলামিক ৰীতি-নীতি আৰু অভিবাসন নীতিক কেন্দ্ৰ কৰি বিভিন্ন সময়ত ৰাজনৈতিক আৰু সামাজিক বিতৰ্ক চলি আহিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Namaz
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
Next Post
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.