আৰক্ষী বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ, অভিযোগ দিবলৈ অহা পৰিয়ালক আৰক্ষী পত্নীৰ বাধা
দেৰগাঁও আৰক্ষী থানাত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি৷ অভিযোগ দিবলৈ অহা ভুক্তভোগীক বাধা আৰক্ষী পত্নীৰ৷ থানা চৌহদতে ভুক্তভোগী পৰিয়ালক টনা-আজোৰা আৰক্ষী পত্নীৰ।
থানাখনৰ আৰক্ষী বিষয়া কিৰণ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি এগৰাকী কিশোৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়াগৰাকীয়ে।
আৰক্ষী বিষয়াগৰাকীৰ ঘৰত বনকৰা ছোৱালী হিচাপে বাস কৰিছিল অভিযোগ উত্থাপন কৰা কিশোৰীগৰাকীয়ে। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ আছে কিৰণ নাথ।
কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে বহুদিনৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল।
কিন্তু দাবি ধমকি দি মনে মনে ৰাখিছিল কিশোৰীগৰাকীক। অৱশেষত শুকুৰবাৰে নিশা কিশোৰীগৰাকী ঘৰলৈ উভতি আহে যদিও পুনৰ আৰক্ষী বিষয়াগৰাকীয়ে দাবি-ভাবুকি দি পুনৰ বিষয়াগৰাকীৰ ঘৰলৈ লৈ যায়।
যাৰ পাছতে শনিবাৰে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লগতে চুবুৰীয়াৰ আগতো প্ৰকাশ কৰে। লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি। পৰিয়ালৰ লোক আৰু গাঁৱৰ লোক মিলিত হৈ থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যাওতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে হাহাকাৰ কৰি উঠে।
লগতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক থানাৰ ভিতৰত প্ৰৱেশত বাধা দি গোচৰ নতৰিবলৈ টনা-আজোৰা কৰে, যাৰ ফলত আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। শেষত কোনোমতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে ভুক্তভোগী পৰিয়ালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ