আগন্তুক ১৮ অক্টোবৰ শনিবাৰে পালিত হ’ব ধনতেৰছ ২০২৫৷ দীপাৱলিৰ ২ দিন পূৰ্বে কাতিৰ কৃষ্ণা ত্ৰয়োদশী তিথিত ধনতেৰছ পালিত হ’ব৷ এই দিনটো ক্ৰয় বিক্ৰয়ৰ বাবে অত্যন্ত শুভ দিন বুলি ধাৰণা কৰা হয়৷ এই বছৰ ধনতেৰছত বিশেষ শুভ যোগ গঠিত হ’ব৷ দুটাকৈ ৰাজযোগ থাকিব ধনতেৰছত৷ ইয়াৰ মাজত এটা হৈছে হংস ৰাজযোগ আৰু অন্যটো হৈছে বুধাদিত্য ৰাজযোগ?৷ ইয়াৰোপৰি ধনতেৰছত থাকিব ব্ৰহ্ম যোগ৷ কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ ফলত গঠিত হ’ব হংস ৰাজযোগ আৰু কন্যা ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে এই দুই ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?
মিথুন ৰাশি
মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হ’ব হংস ৰাজযোগ৷ ধনতেৰছত বিপুল অৰ্থলাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ কামেৰে সকলোকে মুগ্ধ কৰিব পাৰিব৷ এই সময়ত আপুনি নতুন সম্পত্তি কিনিব পাৰে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব এই ৰাশিৰ জাতক৷ সাংসৰিক মনোমালিন্য দূৰ হ’ব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিতেই গঠিত হ’ব হংস ৰাজযোগ৷ ইয়াৰ প্ৰভাৱত ধনতেৰছত নতুন ঘৰ বা বাহন কিনিব পাৰে৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ কাইলৈ পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷ আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ প্ৰচুৰ আত্মবিশ্বাস বাঢ়িব৷
কন্যা ৰাশি
কন্যা ৰাশিতেই গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ বুধ আৰু সূৰ্যৰ শুভ প্ৰভাৱৰ ওপৰিও কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব বৃহস্পতিয়ে৷ ইয়াৰ প্ৰভাৱত সুফল পাব কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন সম্পত্তি কিনিব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷
বৃশ্চিক ৰাশি
বৃহস্পতিৰ পঞ্চম দশাত প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ গুৰুগ্ৰহৰ কৃপাত ধনতেৰছত ভাগ্যৰ পূৰ্ণ সহায় আপোনাৰ জীৱনত থাকিব৷ ব্যৱসায়ত বৃহৎ লাভ কৰিব পাৰে৷ সন্তানৰ দিশৰ পৰা বিশেষ সুখবৰ পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷
মকৰ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















