ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে
বিশ্বজুৰি মুছলমান লোকসকলে বৰ্তমানে পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখি আছে। ই হৈছে ইছলাম ধৰ্মী লোকৰ ধৰ্মৰ এক পবিত্ৰ কাম। কোৱা হয় এই ৰমজানৰ গোটেই মাহটো ৰোজা ৰাখিব পাৰিলে তাৰ সমান ধৰ্ম নাই।
যাৰ বাবে গৰ্ভৱতী মহিলা, বয়োবৃদ্ধ লোক, বিভিন্ন ৰোগী লগতে ডায়েবেটিচ থকা লোককো এই পবিত্ৰ মাহটোৰ ৰোজা ৰখা থকা দেখা যায়। পাছে কিমান সুৰক্ষিত এজন ডায়েবেটিছ ৰোগীৰ বাবে ৰোজা ৰখা।
ডায়েবেটিছ ৰোগ থকা সকলে ৰোজা ৰখাটো কোনো এক সময়ত বিপজ্জনক হ’ব পাৰে। আহাৰৰ সময়সূচী সলনি হলে হাইপোগ্লাইচেমিয়া (নিম্ন চেনি) আৰু হাইপাৰগ্লাইচেমিয়া (উচ্চ চেনি) দুয়োটাৰে বিপদশংকা বৃদ্ধি পায়। পাছে ৰোজা ৰাখিলেও ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।
অধিক আহযুক্ত আহাৰ গ্ৰহণ, শ্বেতসাৰ যুক্ত খাদ্য, পৰ্যাপ্ত পানী সেৱনেৰে নিজকে সুস্থ ৰাখিব পাৰে। চেহেৰীৰ সময়ত ওটছ, ব্ৰাউন ৰাইচ, দাইল বীন আদি গ্ৰহন কৰিব পাৰে। যিয়ে এগৰাকী ডায়েবেটিছ ৰোগীক দিনটোৰ বাবে শক্তি প্ৰদান কৰিব।
পানীয়ে হৈছে এগৰাকী ডায়েবেটিছ ৰোগীৰ প্ৰধান খাদ্য। অন্য খাদ্যৰ সৈতে চেনিমুক্ত পানীয় খাইয়ো এই মাহটো নিজকে সুস্থ ৰাখিব পাৰে এগৰাকী ডায়েবেটিচ থকা লোকে। গাখীৰ, দৈ, লাচ্চী আদি ইয়াৰ প্ৰধান পানীয় খাদ্য।
অধিক তেল থকা খাদ্য পৰিহাৰ কৰি চলিব। অন্যথা ই ওজন বৃদ্ধিৰ লগতে ডায়েবেটিচৰ পৰিমাণো বৃদ্ধি কৰিব ।
এই দিনকেইটাত নিয়মিত ৰূপত ব্যায়াম কৰি থাকিব। উপবাসে থকা বুলি ব্যায়াম কৰা এৰি নিদিব। অৱশ্যে অত্যধিক ব্যায়াম পৰিহাৰ কৰিব। বিশেষকৈ উপবাসৰ অন্তিম সময়ত কোনো ব্যায়াম নকৰিব। উপবাস ভংগ কৰাৰ পাছতো পাতল ব্যয়াম কৰিলে ভাল।
ৰোগী সকলে দিনটোত কেইবাবাৰো তেজৰ শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰি থাকিব লাগে। যদি ইয়াত কোনো তাৰতম্য দেখে তেন্তে উপবাস ভংগ কৰিব পাৰে। ইয়াৰ লক্ষণ হৈছে অত্যধিক পিয়াহ লগা, ভোক লগা, বমি, পেট বিষ, জ্বৰ আদি । এনে কোনো লক্ষণে দেখা দিলে উপবাস ভংগ কৰিব।
তাৰোপৰি সকলো ডায়েবেটিচ ৰোগীয়ে এই মাহতো চিকিৎসকক সঘনাই দেখাই থাকিব। চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ৰোজা ৰখাব পাৰিনে নোৱাৰি সিদ্ধান্ত ল’ব। কিয়নো আপোনাৰ সু স্বাস্থ্যই হৈছে প্ৰধান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ