দিশা পাটানি, বলিউদৰ মোহময়ী অভিনেত্ৰী৷ বৰ্তমান বলিউদৰ এটা চৰ্চিত নাম৷ বলিউদৰ অভিনেত্ৰীগৰাকী সামাজিক মাধ্যমতো বিশেষভাৱে সক্ৰিয় আৰু চৰ্চিত৷ সৌন্দৰ্য আৰু অভিনয় দক্ষতাৰ বাবে এই মোহময়ীগৰাকীৰ ইনষ্টাগ্ৰামত প্ৰায় ৫০.৫ লাখ অনুৰাগী আছে৷
সামাজিক মাধ্যমৰ এক প্ৰকাৰৰ চাঞ্চল্য দিশাই নিজৰ ফিটনেছ আৰু ভিন্ন ধৰণৰ পোছাক পৰিধানৰ বাবে চৰ্চা লাভ কৰি আহিছে৷ আনকি নিজৰ ব’ল্ড ফ’টো শ্বেয়াৰ কৰি মাজে মধ্যে সামাজিক মাধ্যমত ট্ৰ’লৰো সন্মুখীন হৈ আহিছে দিশা পাটানিয়ে৷
অভিনেত্ৰীগৰাকীয়ে ব’ল্ড ফ’টোৰ বাবে নহয় আন এক কাৰণৰ বাবে ট্ৰ’লৰ সন্মুখীন হয়৷ এখন পুৰণি চেল্ফীতো বিশেষভাৱে ট্ৰ’লৰ সন্মুখীন হয় দিশাই৷
লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!
২০১৯ চনতে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডলত দিশাই এখন চেল্ফী আপলোড কৰিছিল৷ চেল্ফীখনত দিশাই ওঁঠত গাঢ় ৰঙা লিপষ্টিক লগাই থকা দেখা গৈছে৷ ৰূপালী বাখৰ খটুৱা পোছাক পিন্ধি থকা চেল্ফীখনত দিশাক বিমৰ্ষ হৈ থকা যেন দেখা গৈছে৷
View this post on Instagram
দিশাৰ এই ৰূপ দেখি নেটিজেনসকলে বিভিন্ন কমেন্টেৰে দিশাক ট্ৰ’ল কৰে৷ এজনে লিখিছে, ‘‘তুমি কিয় ইম্মান খঙত আছা?’’ আন এজনে আকৌ কে’বাঢাপো আগুৱাই গৈ কৈছে, ‘‘তাইক ল’ৰাৰ দৰেই লাগিছে৷ দিশা ট্ৰেন্সজেণ্ডাৰ নেকি??’’
লগতে পঢ়ক সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক
ইফালে এজনে লিখিছে, ‘‘এয়া কি দিছে?’’ তাৰ পিছত আন এজনে কৈছে, ‘‘ফ’টোখনত ব’মি কৰি থকাৰ দৰেই লাগিছে৷’’
পিছে, দিশাৰ উক্ত ফ’টোখন দেখি আপোনাৰ মনলৈ কি ভাৱ আহিছে? আপুনিও আপোনাৰ মনৰ ভাৱ অৱশ্যেই প্ৰকাশ কৰিব পাৰে!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ