আইনী সংকটত সোমাই পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা তথা জয় ভীম ছবিৰ ভীমখ্যাত সূৰ্য৷ আদালতে দক্ষিণৰ চুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে৷
চাইডাপেট আদালতে চেন্নাই আৰক্ষীক অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা, জয় ভীম ছবিৰ পৰিচালক টিজে জ্ঞানভেলৰ বিৰুদ্ধে ৰুদ্ৰ বণিয়াৰ সেনাই দাখিল কৰা এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে৷
উল্লেখ্য বিগত বৰ্ষত মুক্তি লাভ কৰা অভিনেতা সূৰ্যৰ অভিনীত জয় ভীম নামৰ ছবিখনে সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দৰ্শকে আদৰি লৈছিল৷ প্ৰায়সকল দৰ্শকেই ছবিখনৰ প্ৰশংসাত গদগদ হোৱা পৰিলক্ষিত হৈছিল৷
লগতে পঢ়ক বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?
দেশৰ চলচ্চিত্ৰমোদীৰ মন আৰু হৃদয় জয় কৰিবলৈ সক্ষম হ’লেও ছবিখনে এক অনাহূত বিতৰ্কত সোমাই পৰে৷ দলিত তথা জনজাতীয় লোকৰ দূৰ্দশাক হৃদয়স্পৰ্শী কাহিনীৰে প্ৰকাশ কৰা জয় ভীমৰ বিৰুদ্ধে তামিলনাডুৰ এটা সম্প্ৰদায়ে তেওঁলোকক অপমানজনকভাৱে ছবিখনত উপস্থাপন কৰাৰ গুৰুতৰ অভিযোগ তোলে৷
এই অভিযোগ তুলি সম্প্ৰদায়টোৰ ৰুদ্ৰ বণিয়াৰ সেনা নামৰ সংগঠনটোৱে ছবিখনৰ অভিনেতা আৰু পৰিচালকৰ বিৰুদ্ধে গোচৰ দাখিল কৰে৷ আনকি সংগঠনটোৱে ছবিখন নিষিদ্ধ কৰিবলৈকো দাবী উত্থাপন কৰি আহিছে৷ আনহাতে বনিয়াৰ সংগম নামৰ এটা গোটে ছবিখনৰ পৰা আপত্তিজনক দৃশ্যাংশ আঁতৰাই পুনৰ মুক্তি দিবলৈও দাবী জনাই আহিছে৷ ইয়াৰ লগতে গোটটোৱে সম্প্ৰদায়টোক ৫ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰি বিনাচৰ্তে ক্ষমা খোজাৰো দাবী কৰি আহিছে৷
ইমানখিনি বাধাৰ সন্মুখীন হোৱাৰ পিছতো যোৱা বৰ্ষৰ ২ নৱেম্বৰত অমাজান মুক্তি লাভ কৰা ছবিখনে ভাৰতৰ পৰা অস্কাৰলৈ মনোনীত হৈছিল৷
লগতে পঢ়ক কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?
উল্লেখ্য যে ছবিখনত ইৰুলাৰ সম্প্ৰদায়ৰ এগৰাকী লোকক ভুৱা গোচৰত অভিযুক্ত কৰি আৰক্ষীয়ে কেনেকৈ অকথ্য নিৰ্যাতন চলাই হত্যা কৰিছিল আৰু ইয়াৰ পিছত ভুক্তভোগী পৰিয়াল তথা লোকজনৰ পত্নীক ভীম নামৰ অধিবক্তাৰ চৰিত্ৰটোৱে কেনেকৈ সকলো আৰক্ষী আৰু আইনী মেৰপেচক প্ৰত্যাহ্বান জনাই ন্যায় লাভৰ যুঁজ কৰিছিল তাকে দেখুওৱা হৈছে৷
শীৰ্ষ আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰা প্ৰকাশ ৰাজে ছবিখনৰ এটা দৃশ্যত এজন লোকে হিন্দী কোৱাৰ বাবে গালত প্ৰচণ্ড চৰ শোধাইছিল৷ বণিয়াৰ সম্প্ৰদায়ৰ লোকে ইয়াৰ ফলত তেওঁলোকৰ সম্প্ৰদায়টোক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ ইয়াৰ পিছতে বণিয়াৰ সংগমে অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা, ছবিখনৰ পৰিচালক টি জে জ্ঞাননভেল আৰু অমাজানলৈ আইনী জাননী প্ৰেৰণ কৰে৷
লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!
আইনী জাননী প্ৰেৰণ কৰি পাট্টালি কাচ্ছি(PMK)ৰ প্ৰধান তথা অধিবক্তা বালুৱে তেওঁলোকলৈ আইনী জাননী প্ৰেৰণ কৰি বিতৰ্কিত দৃশ্যটো বাদ দিয়াৰ লগতে ৫ কোটি টকা ক্ষতিপূৰণ দিয়াৰ দাবী কৰে৷ আনহাতে PMKৰ নাগাপাট্টিনম জিলাৰ সম্পাদক সীতামল্লি পাজহানিয়ে অভিনেতা সূৰ্যক যিগৰাকী লোকে আক্ৰমণ কৰিব পাৰিব তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰে৷
আনহাতে, সম্প্ৰদায়টোৰ সংগঠনে জয় ভীমৰ অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা আৰু পৰিচালক জ্ঞানভেলৰ বিৰুদ্ধে চেন্নাই আৰক্ষীত গোচৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল৷ ইয়াৰ পিছতে তেওঁলোকে আদালতৰ দ্বাৰস্থ হয় আৰু আদালতে চেন্নাই আৰক্ষীক গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ