দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ইউৰোপ ভ্ৰমণত ব্যস্ত আছে৷ শেহতীয়াকৈ ডেনমাৰ্কত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নতুন চমৎকাৰ নীতি ঘোষণা কৰিছে৷ মোদীয়ে কৰা এই ঘোষণাৰ নাম হ’ল চলো ইণ্ডিয়া৷
উল্লেখ্য যে কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰে অৰ্থনীতিক বিধ্বস্ত কৰিলে৷ কোভিড ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশে বলৱৎ কৰা লকডাউনৰ ফলত বিশ্ব পৰ্যটন ক্ষেত্ৰও সংকটত পৰে৷
ইয়াৰ প্ৰভাৱ ভাৰততো পৰে৷ ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰে জড়িত প্ৰায় ২.১৫ কোটি লোকে কোভিডৰ তিনিটা ঢৌৰ বাবে একপ্ৰকাৰে কৰ্মসংস্থানেই হেৰুওৱালে৷
লগতে পঢ়ক সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ
স্মৰ্তব্য যে কৰোনা মহামাৰীৰ পূৰ্বে ২০১৯ চনত ভাৰতৰ জিডিপিৰ ৭ শতাংশ পৰ্যটন উদ্যোগৰ পৰা আহিছিল। কিন্তু কৰোনাৰ ফলত পৰ্যটন উদ্যোগ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ বিদেশী পৰ্যটকৰ পৰা ভাৰতৰ আয় ৭৫ শতাংশ হ্ৰাস পায়।
ইফালে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দিয়া তথ্য অনুসৰি কেৱল কোৰোণাৰ ফলতে পৰ্যটন উদ্যোগৰ সৈতে জড়িত ২.১৫ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে। মন্ত্ৰী ৰেড্ডিৰ মতে কৰোনাৰ প্ৰথমটো ঢৌত ১.৪২ কোটি, দ্বিতীয়টো ঢৌত ৫২ লাখ আৰু তৃতীয়টো ঢৌত ১৮ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছিল।
পৰ্যটন মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, চৰকাৰে ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ পৰা গড়ে ২ লাখ টকা উপাৰ্জন কৰে। ২০১৯ চনত ১.০৯ কোটি বিদেশী পৰ্যটকে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা চৰকাৰে ২.১১ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিছে।
লগতে পঢ়ক ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে
ভাৰতৰ বিধ্বস্ত পৰ্যটন ক্ষেত্ৰক পুনৰ জীপাল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কত চলো ইণ্ডিয়াৰ নামৰ এক নতুন নীতি ঘোষণা কৰিছে৷ কি এই চলো ইণ্ডিয়া?
ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল৷ উক্ত সম্বোধনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ডেনমাৰ্কত থকা প্ৰতিজন ভাৰতীয়ই ৫ গৰাকীকৈ ডেনমাৰ্কৰ নাগৰিকক ভাৰতত ভ্ৰমণলৈ প্ৰেৰণ কৰিব লাগে৷
‘‘মই প্ৰথমবাৰ ডেনমাৰ্কলৈ আহিছো৷ যদি মই আপোনালোকৰ পৰা কিবা এটা বিচাৰো, সেয়া মোক দিব নে?’’ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দ্যেশি কয়৷ ভাৰতীয়সকলে দিম বুলি ধ্বনি দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আপোনালোকৰ বহুতো বিদেশী বন্ধু-বান্ধৱ আছে৷ আপোনালোকে সংকল্প লওক যে প্ৰতি বছৰে তেওঁলোকৰ মাজৰ পাঁচজনক ভাৰতলৈ পঠিয়াব৷’’
লগতে পঢ়ক বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?
এইদৰে ডেনমাৰ্কত থকা ভাৰতীয়সকলক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক চলো ইণ্ডিয়াৰ নামেৰে অভিহিত কৰে৷
উল্লেখ্য যে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ তথ্যৰ মতে প্ৰায় ৩০ হাজাৰ ভাৰতীয়ই ডেনমাৰ্কত বাস কৰে৷ যদি তেওঁলোকৰ প্ৰত্যেকে ৫ জনকৈ বিদেশী লোকক ভাৰতলৈ প্ৰেৰণ কৰে তেনে ডেনমাৰ্কৰ পৰাই এটা বছৰতে অতি ক’মেও ১.৫ লাখ পৰ্যটকে ভাৰতলৈ অহাৰ সম্ভাৱনা আছে৷
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ মতে ২০১৮ৰপৰা ২০২০ বৰ্ষৰ ভিতৰত প্ৰায় ৬৩ হাজাৰ ডেনমাৰ্কৰ নাগৰিকে ভাৰত ভ্ৰমণলৈ আহিছে তেওঁলোকৰ ভাৰতবৰ্ষত কটোৱা গড় দিন হৈছে প্ৰায় ১৮ দিন৷
ভাৰতীয় পৰ্যটন খণ্ডৰ এনে দুৰ্যোগৰ সময়ত ডেনমাৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা চলো ইণ্ডিয়া নীতিয়ে কিমান ফলপ্ৰসূ হৈ সেয়া সময়তহে লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ