দেশৰ বিতৰ্কৰ কুইন বলিউদৰ অভিনেত্ৰী কংগণা ৰাণাৱট পুনৰ বিপদৰ সন্মুখীন হৈছে৷ নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে এইবাৰ জিলা আদালতৰ কাঠগৰাত উঠিব লাগিব কংগণা ৰাণাৱট৷
বৰ্তমান টুইটাৰত নিষিদ্ধ হৈ থকা কংগণাই যোৱা বৰ্ষতে দিয়া এটা টুইটৰ বাবে অহা ১৯ এপ্ৰিলত বথিন্দা জিলা আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ লাভ কৰিছে৷
উল্লেখ্য যে দিল্লীৰ কৃষক বিদ্ৰোহৰ সময়ত কংগণাই টুইটাৰত মহিলা কৃষক প্ৰতিবাদীসকলক উদ্দেশ্যি অতি ঘৃণনীয় মন্তব্য কৰিছিল৷ কংগণাই টুইটত লিখিছিল যে মহিলা কৃষক প্ৰতিবাদীসকলে মাত্ৰ ১০০-১০০ টকালৈ প্ৰতিবাদী ধৰ্ণাত চামিল হৈছে৷
এই বিতৰ্কিত মন্তব্যৰ পিছতে বাথিন্দা জিলাৰ বাহাদুগড় গাঁৱৰ ৮৭ বৰ্ষীয় কৃষক মহিন্দৰ কৌৰে কংগণাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈ মানহানি গোচৰ তৰিছিল৷
ইয়াৰ পিছতে আদালতে গোচৰটো পঞ্জীয়ন কৰি যোৱা ১৩ মাহে শুনানি গ্ৰহণ কৰি অহা ১৯ এপ্ৰিলত অভিযুক্ত কংগণাক আদালতত হাজিৰ হ’বলৈ আদালতে নিৰ্দেশ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ