বহু মহিলাৰ মাহেকীয়া হোৱাৰ আগতে আৰু মাহেকীয়াৰ সময়ত মুড ছুই হয়। খিংখিঙীয়া, দুঃখ, উদ্বেগ, আৰু কেতিয়াবা হঠাৎ সুখী—এই পৰিৱৰ্তনবোৰ মূলতঃ হৰম’নৰ পৰিৱৰ্তনৰ ফল। বিশেষজ্ঞসকলৰ মতে, প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰম (PMS) এই অৱস্থাৰ অন্যতম কাৰণ। ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ উঠা-নমাৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। যদিও ই এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, তথাপিও কিছুমান কথাত মন দিলে Period Mood Swings বহু পৰিমাণে নিয়ন্ত্ৰণত ৰখা সম্ভৱ হ’ব ।
মাহেকীয়াৰ সময়ত মুড ছুইঙৰ পৰা হাত সাৰিবলৈ কি কৰিব?
- সুষম খাদ্য গ্ৰহণ কৰক। চেনি আৰু অতিৰিক্ত কেফেইন পৰিহাৰ কৰক। শাক-পাচলি, ফল-মূল, গোটা শস্য, ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য খালে আপোনাৰ মেজাজ স্থিতিশীল হৈ থাকে।
- নিজকে ব্যস্ত ৰাখাৰ চেষ্টা কৰক। কিতাপ পঢ়া, ৰন্ধা-বঢ়া কৰা বা আপোনাৰ প্ৰিয় কাম-কাজত মনোনিৱেশ কৰিলে নেতিবাচক চিন্তাবোৰ হ্ৰাস কৰিব পাৰি।
- পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ। ডিহাইড্ৰেচনে শৰীৰত ক্লান্তি আৰু খিংখিঙীয়া ভাৱ বৃদ্ধি কৰে। দিনটোত কমেও ৮–১০ গিলাচ পানী খাব লাগে।
- নিয়মীয়াকৈ সাধাৰণ ব্যায়াম কৰিব লাগে। যোগাসন, খোজ কঢ়া বা ষ্ট্ৰেচিং কৰিলে এণ্ড’ৰ্ফিন হৰম’ন বৃদ্ধি পায় আৰু আপোনাৰ মেজাজ হৈ থাকে।
- সঠিক টোপনি যাবলৈ চেষ্টা কৰক। প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি গ’লে হৰম’নৰ ভাৰসাম্য ৰক্ষা হয় আৰু মেজাজ নিয়ন্ত্ৰণত থাকে।
- মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। ধ্যান বা গান শুনি মানসিক চাপ কমাব পাৰি।
- পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম আৰু ভিটামিন বি ৬ সেৱন কৰিব লাগে। বাদাম, কল, কচু, মচুৰ দাইল, কণী আদিত পোৱা পুষ্টিকৰ উপাদানে সুস্থ মেজাজ বজাই ৰখাত সহায় কৰে।
বিশেষজ্ঞৰ পৰামৰ্শ – যদি মাহেকীয়াৰ সময়ত মুড ছুইঙ দীৰ্ঘদিনীয়া হয় বা দৈনন্দিন জীৱনত এটা ডাঙৰ বাধা হৈ পৰে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ইয়াৰ বাহিৰেও হৰম’নযুক্ত কনট্রাসেপ্টিভ বা পৰিপূৰক কেতিয়াবা উপকাৰী হ’ব পাৰে। কিন্তু গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















