প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সম্পন্ন কৰিবলৈ গৈ ঝাড়খণ্ডত তিনিগৰাকী ভাতৃ-ভগ্নীৰ মৃত্যুৰ হোৱাৰ দুখজনক খবৰে দেশবাসীৰ মনৰ পৰা মচ নৌখাওতেই অন্য এটা তদ্ৰূপ ঘটনা পোহৰলৈ আহিছে৷
এইবাৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ এজন চিকিৎসকে কৰুণভাৱে মৃত্যুক সাৱটি লৈছে৷
ঘটনাটো জম্মু-কাশ্মীৰত সংঘটিত হৈছে৷ জম্মু-কাশ্মীৰৰ এখন চিকিৎসালয়ৰ ওপৰত ত্ৰিৰংগা উত্তোলন কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন চিকিৎসকৰ৷
লগতে পঢ়ক গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য
ঘটনাৰ বিৱৰণীৰ মতে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ এখন চিকিৎসালয়ৰ চাদত জাতীয় পতাকা উত্তোলন কৰি থকা অৱস্থাত সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। চিকিৎসকজনৰ নাম ডাঃ পৱন কুমাৰ।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে হৰিয়া চকত থকা চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চাদত থকা ১১ কিলোৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত জুই লগাত ডাঃ পৱন কুমাৰৰ মৃত্যু হয়৷ মৃত ডাঃ কুমাৰ চাদৱাল অঞ্চলৰ বাসিন্দা আছিল।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো হীৰানগৰ হাস্পতাললৈ প্ৰেৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















