অসম লাইভ ২৪ঃ ক’ৰোনা যোদ্ধাসকলৰ বাবে চৰকাৰে লৈছে এক বিশেষ আঁচনি। ক’ৰোনা যুদ্ধৰ সন্মুখৰ যোদ্ধাসকলে দিনে-ৰাতিয়ে আগবঢ়োৱা সেৱাৰ বাবে চৰকাৰে তেওঁলোকক বিশেষ মাননি আগবঢ়োৱাৰ চিন্তা-চর্চা কৰিছে। তেওঁলোকৰ মনোৱল বৃদ্ধিৰ বাবে চৰকাৰে সকলো চৰকাৰী চিকিৎসক-চিকিৎসাকর্মী এমাহৰ উৎসাহমূলক বেতন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূল বেতনৰ সমান্তৰালকৈ এই ধনৰাশি আগবঢ়োৱা হ’ব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে। ৰাজ্যখনৰ সকলো চৰকাৰী চিকিৎসক-চিকিৎসাকর্মীক এই বেতন আগবঢ়াব চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ