অসম লাইভ ২৪ঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান। দেওবাৰে সন্ধিয়া ৬.২০ বজাত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি যকৃত আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ ৮৯ বছৰ বয়সত মৃত্যু হয় ডাঃ বৰ্মনৰ।
ডাঃ বৰ্মনৰ জীৱন পৰিক্ৰমাঃ
- ১৯৩১ চনৰ ১২ অক্টোবৰত বেলশৰত জন্মগ্ৰহণ ডাঃ ভূমিধৰ বর্মনৰ
- বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি
- দ্বিতীয় শ্ৰেণীৰ পৰা টিহু টাউন প্ৰাথমিক বিদ্যালয়ত
- পাছত বেলশৰ এম ই স্কুলত শিক্ষাগ্ৰহণ
- বেলশৰ এম ই স্কুলৰ পৰা পুনৰ টিহু হাইস্কুলত
- ১৯৫১ত টিহু হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ
- ১৯৫৮ চনত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ পৰা mbbs
- ১৯৬০ চনত ৮০ টকা মাহিলি দৰমহাত চাকৰি জীৱন আৰম্ভ
- শোলমাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰ্মজীৱন আৰম্ভ
- ছাত্ৰাৱস্থাতে কংগ্ৰেছৰে জড়িত
- টিহুত পঢ়ি থকা সময়ছোৱাতে সক্ৰিয় ৰাজনৈতিকভাৱে
- টিহু হাইস্কুলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব
- ১৯৫২ চনত কটন কলেজত পঢ়ি থাকোঁতে বহু বিশিষ্ট কংগ্ৰেছীৰে পৰিচয়
- ১৯৬২ত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ বিধানসভা নিৰ্বাচনত সক্ৰিয় ভূমিকা
- ১৯৬৬ত চাকৰিক বিদায় ডাঃ বৰ্মনৰ
- ১৯৬৭ত প্ৰথমবাৰলৈ ধৰ্মপুৰ সমষ্টিৰ পৰা বিজয়ী
- ১৯৭২ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত
- ১৯৭৮ত জনতা দলৰ প্ৰাৰ্থী ৰমণী বৰ্মনৰ হাতত পৰাস্ত
- ১৯৮৩ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত
- ১৯৮৫ চনত পৰাজয় বৰণ
- ১৯৯১ চনত বৰক্ষেত্ৰীৰ পৰা নিৰ্বাচিত
- ১৯৯৬ চনত পুলকেশ বৰুৱাৰ হাতত পৰাজিত
- ২০০৬ চনত জয়লাভ
- কংগ্ৰেছ মন্ত্ৰীসভাত কেইবাবাৰো কেবিনেট মন্ত্ৰীৰ পদলাভ
- ১৯৭৩ চনত ৰাজহ মন্ত্ৰীৰ দায়িত্ব
- ১৯৭৪ চনত ৰাজ্যিক ৰাজহ, শিক্ষামন্ত্ৰীৰ দায়িত্ব
- ১৯৮৩ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী
- ১৯৯১ চনত শিক্ষা, পাছত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত মন্ত্ৰীৰ দায়িত্ব
- হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত ’৯৬ত ২২ দিনৰ বাবে মুখ্যমন্ত্ৰী
- ২০১০ত তৰুণ গগৈয়ে চিকিৎসাজনিত কাৰণত ছুটী লোৱাত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী
- ২০০১ চনত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত ডাঃ বৰ্মন
- ২০০৬ চনত ৰাজহ, পুনৰ সংস্থাপন মন্ত্ৰীৰ দায়িত্ব লাভ
- ২০১১ত মুখ্যমন্ত্ৰীৰ কৃষি উপদেষ্টা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ