চাৰিওফালে এক অস্থিৰ সময়৷ তাৰমাজতেই বাজি উঠিছে দেৱী দুৰ্গাৰ আগমনৰ সুৰ৷ আমাৰ সমাজত নাৰী একেবাৰেই নিৰাপদ নহয় বুলি নাৰীয়ে অভিযোগ তুলি থকাৰ মাজতেই নাৰীশক্তিৰ আৰাধনাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ আগন্তুক ১০ অক্টোবৰত দুৰ্গাপূজাৰ সপ্তমী৷ তাৰ পূৰ্বে ২ অক্টোবৰত মহালয়া অৰ্থাৎ দেৱীপক্ষৰ আৰম্ভণি৷ দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন আৰু তাৰ ফলাফলক লৈ সমাজত বহু কথা প্ৰচলিত আছে৷ দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব একোখন বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ আছে৷ হিন্দুশাস্ত্ৰ অনুসৰি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰে মৰ্তলোকৰ বছৰটো কেনেকৈ পাৰ হ’ব৷ প্ৰতি বছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয়৷ যদি কোনো বছৰত আগমনি আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে খুব অশুভ ইংগিত বহন কৰে৷ এই বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান দুখন ভিন্ন বাহনেৰে হ’ব৷
মা দুৰ্গাৰ বিভিন্ন বাহন
পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় দশমীত৷ এই দুই দিন সপ্তাহৰ কোন কোন বাৰত পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি স্থিৰ হয় দেৱীৰ অহা যোৱা বাহন৷ শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী৷ সপ্তমী শনি বা মঙলবাৰ হ’লে দেৱীৰ বাহন হয় ঘোঁৰা৷ সপ্তমী বৃহস্পতি বা শুক্ৰবাৰ হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কী৷ সপ্তমী বুধবাৰ হ’লে দেৱীৰ বাহন নৌকা৷ একেদৰে দশমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন গজ৷ দশমী শনি বা মঙলবাৰ হ’লে দেৱীয়ে গমন কৰিব ঘোঁৰাত৷ দশমী বৃহস্পতি বা শুকুৰবাৰ হ’লে দেৱীৰ গমন হ’ব দোলা বা পালকিত৷ আৰু দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত কৈলাশলৈ উভতে৷
এই বছৰ দুৰ্গাৰ বাহন কি?
এই বছৰ ১০ অক্টোবৰ সপ্তমী পৰিছে বৃহস্পতিবাৰে৷ সেয়ে দুৰ্গাৰ আগমন হ’ব দোলা বা পালকিত৷ আগন্তুক ১৩ অক্টোবৰ দেওবাৰে পৰিছে বিজয়া দশমী৷ মা দুৰ্গাই পুত্ৰ কন্যাসহিতে কৈলাশলৈ উভতিব গজ বা হাতীৰ পিঠিত৷ শাস্ত্ৰমতে দুৰ্গাই যদি পালকিত আহে, তেতিয়া ‘দোলায়াং মকৰং ভৱেৎ’ অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ বা অকালমৃত্যু হ’ব পাৰে৷ বিপুল প্ৰাণহানি অনিৰ্বাৰ্য৷ দেৱী উভতিব গজ বা হাতীত৷ শাস্ত্ৰমতে যি দেৱীৰ উৎকৃষ্ঠতম বাহন৷ দেৱীৰ আগমন বা গমন হাতীত গ’লে মৰ্ত্যলোক ভৰি উঠিব সুখ শান্তি সমৃদ্ধিৰে৷ পূৰ্ণ হয় ভক্তৰ মনোবাঞ্চা৷ পৰিশ্ৰমৰ সুফল পায় মৰ্ত্যলোক অধিবাসীগণে৷ অতিবৃষ্টি বা অনাবৃষ্টি নহয়, ঠিক যিমান প্ৰয়োজন সিমান বৰ্ষণ৷
দুৰ্গাৰ অন্য বাহনৰ মাহাত্ম্য
মা দুৰ্গাৰ অন্য বাহনসমূহ ভিতৰত যদি দেৱী ঘোঁৰাত আহে বা বিদায় লয় তাৰ ফল হয়, ‘ছত্ৰ ভংগ স্তুৰঙ্গমে’ অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায়, ৰজায় ৰজায় বা দেশে দেশে যুদ্ধ হয়৷ সামাজিক আৰু ৰাজনৈতিকস্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে৷ এক কথাত ‘ছত্ৰভঙ্গম৷’ দেৱীৰ অহা বা যোৱা নৌকাত যোৱা হ’লে শস্য বুদ্ধিস্তথাজলম অৰ্থাৎ প্ৰৱল বন্যা আৰু খৰাঙে দেখা দিয়ে৷ নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয়৷ ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা৷ কিন্তু ইয়াৰ সৈতে অতি বৰ্ষণ বা প্লাৱণৰ আশংকাও দেখা দিয়ে৷ৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ