২০২৫ চনৰ দেৱীপক্ষত ভাগ্যবান হব ৫ ৰাশি৷ ধনসম্পদৰ পৰা ব্যক্তিগত জীৱন, সকলোতেই তেওঁলোকে আশীৰ্বাদ পাব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতি বছৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত ফলাফল নিৰ্ভৰ কৰে৷ জানি থওক কোন কোন ৰাশি লাকী?
দেৱীপক্ষত ভাগ্যৱান ৰাশি কি কি?
মেষ ৰাশি
২০২৫ চনৰ দেৱীপক্ষত মেষ ৰাশিৰ জাতক জাতিকালৈ অপ্ৰত্যাশিত সাফল্য আহিব পাৰে৷ নতুন কোনো কাম আৰম্ভ কৰিলে তাতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ আৰ্থিক দিনৰ পৰা এই সময় শুভ হব৷ কৰ্মজীৱনত পদোন্নতি হব আৰু সমাজত সন্মান বৃদ্ধি পাব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে এই সময় খুবেই ইতিবাচক হব পাৰে৷ বিশেষকৈ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে ভাল খবৰ পাব পাৰে৷ ব্যক্তিগত জীৱনতো সুখ শান্তি বৰ্তি থাকিব৷ পাৰিবাৰিক সম্পৰ্কৰো উন্নতি ঘটিব আৰু বহুদিনৰ পুৰণি কোনো সমস্যা দূৰ হব পাৰে৷
তুলা ৰাশি
২০২৫ চনত দেৱীপক্ষত তুলা ৰাশিৰ জাতক জাতিকাই ভাল সুযোগ পাব৷ অৰ্থনৈতিক দিশৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বা বিনিয়োগত ভাল ফল লাভ কৰা সম্ভৱ৷ সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব আৰু পৰিচিতি লাভ কৰিব আপুনি৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ৷ যিসকলে ব্যৱসায় কৰে তেওঁলোকে নতুন সুযোগ পাব৷ শিক্ষাৰ্থীসকলৰ বাবে পঢ়াশুনাত সাফল্য পাব৷ অপ্ৰত্যাশিতভাৱে কোনো বৃহৎ লাভ কৰিব পাৰে, যিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিক আৰু মজবুত কৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় কৰ্মজীৱনৰ বাবে খুবেই ভাল৷ যিসকলে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকে কৰ্মত স্বীকৃতি পাব৷ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যক্তিগত জীৱনলৈ স্থিতিশীলতা আহিব৷
(প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিত লেখা হৈছে৷ এই লেখা সত্য প্ৰমাণিত হবই বুলি আমি দাবী কৰা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা কোনো সমস্যাৰ সমাধানৰ বাবে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















