জ্যোতিষ অনুসৰি শনি হৈছে কৰ্মফলত দেৱতা৷ যদি জন্মছকত শনি অশুভ অৱস্থানত থাকে তেন্তে কেইটামান নিয়ম মানি চলাটো জৰুৰী৷ শনিৰ চাৰে সাতি দশা হৈছে এক অত্যন্ত অশুভ সময়৷ শনিৰ চাৰে সাতি দশা চলিলে জাতকৰ জীৱনত এটাৰ পাছত আনটো সমস্যা আহিব পাৰে৷ শনিয়ে জাতকক নিৰ্দয়ভাৱে শাস্তি দি থাকে বাবেই শনিক নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়৷ শনিৰ চাৰেসাতি দশা এবাৰ আৰম্ভ হলে সেয়া প্ৰায় চাৰে সাত বছৰ চলে৷ এই সময়ত নানান বিপৰ্যয় আহে জাতকৰ জীৱনলৈ৷
শনিৰ সাৰে সাতি দশা কি?
নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰেৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ সেই কাৰণেই শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰকৈ অৱস্থান কৰে৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ ঠিক আগৰ আৰু পাছৰ ৰাশিত পৰে শনিৰ চাৰে সাতি দশা৷ এই হিচাপত এটা এটা ৰাশিত শনিৰ চাৰে সাতি দশা চাৰে সাত বছৰ ধৰি চলে৷ বৰ্তমান শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ সেই কাৰণেই মকৰ, কুম্ভ আৰু মীন ৰাশিত শনিৰ চাৰে সাতি দশা চলিছে৷
শনিৰ চাৰে সাতিত সোণৰ প্ৰভাৱ
জ্যোতিষবিদে জনাইছে যে শনিৰ চাৰে সাতি দশা চলাৰ সময়ত সোণৰ গহনা পিন্ধা উচিত নহয়৷ এই সময়ত সোণ পিন্ধিলে জাতকৰ জীৱনত সংকট আৰু ঘনীভূত হয়৷ ইয়াৰ কাৰণ হৈছে সোণ সূৰ্যৰ সৈতে সম্পৰ্কযুক্ত ধাতু৷ আৰু পুৰাণ অনুসৰি শনিদেৱ হৈছে সূৰ্যদেৱৰ পুত্ৰ৷ সম্পৰ্কত পিতৃ-সন্তান হলেও শনি আৰু সূৰ্যৰ মাজত মুঠেও সদ্ভাৱ নাই৷ সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ সেয়ে শনিৰ চাৰে সাতি দশা চলাৰ সময়ত শত্ৰু গ্ৰহ সূৰ্যৰ ধাতু সোণ গাত পিন্ধি থাকিলে তাৰ অশুভ প্ৰভাৱ জাতকৰ জীৱনত পৰে৷
শনিৰ চাৰে সাতিত কোন ধাতু শুভ?
আপোনাৰ কোষ্ঠীত যদি শনিৰ চাৰে সাতি দশা থাকে তেন্তে আঙুলিত লোহাৰ আঙুঠি পিন্ধাটো আপোনাৰ বাবে শুভ৷ লোহা হৈছে শনিৰ ধাতু৷ এই ধাতুৰ ওপৰত শনিৰ প্ৰভাৱ থাকে বাবে লোহা পিন্ধিলে চাৰে সাতিৰ কঠিন সময়ৰ প্ৰভাৱ কিছু থাকে বুলি কোৱা হয়৷ সেয়ে লোহা পিন্ধিলে সাৰে সাতিৰ কঠিন সময়ৰ প্ৰভাৱ কিছু পৰিমাণে পাতল হয়৷ ইয়াৰোপৰি লোহাৰ আঙুঠি পিন্ধিলে ৰাহু আৰু কেতুৰ অশুভ দশাও কিছু খৰ্ব কৰা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















