অসম লাইভ ২৪ঃ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা বিজয় উৎসৱ অথবা ৰেলী নিষিদ্ধ কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। অসমসহ মুঠ ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ২ মে’ত। তাৰ পূৰ্বেই ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে আয়োগে কয় যে ফলাফল ঘোষণাৰ পাছত যিকোনো প্ৰাৰ্থীয়ে মাত্ৰ দুজন লোকক লগত লৈ জয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। অসম,পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত। ৪ খন ৰাজ্যত নিৰ্বাচন সমাপ্ত হৈছে যদিও পশ্চিমবংগত বাকী আছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য, নিৰ্বাচনী প্ৰেক্ষাপটত ৰাজনৈতিক দলসমূহে চলোৱা প্ৰচাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰ্লিপ্ততাক ধিক্কাৰ দিছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ কটু মন্তব্যৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় নিৰ্বাচন আয়োগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















