ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সকলোৱে আনন্দ মনেৰে ঈদ পালন কৰে। ঈদ-উল-ফিটৰ মুছলমানসকলৰ বাবে সুখ আৰু আশীৰ্বাদৰ দিন। এই বিশেষ দিনটোত মানুহে ইজনে সিজনক সাৱটি ধৰে, নামাজ আদায় কৰে, ইজনে সিজনক ঈদ মুবাৰক বুলি কয়। যদি আপুনিও ঈদৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত থকা শুভেচ্ছা বাৰ্তাৰ পৰা দিব পাৰে।
ছৌদি আৰৱৰ এদিন পিছতে ভাৰতত ঈদ পালন কৰা হয়। দুয়োখন দেশতে বিভিন্ন সময়ত চন্দ্ৰ দেখা যায়। গতিকে উপসাগৰীয় দেশসমূহে ঈদৰ তাৰিখ ঘোষণা কৰাৰ পিছত ভাৰতে ২১ মাৰ্চত অৰ্থাৎ কাইলৈ ঈদ উদযাপন কৰিব।
এই দিনটোত কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুখৰ ভাগ হোৱাই নহয়, আৰ্তজনক সহায় কৰিও আশীৰ্বাদ লোৱা হয়। যদি আপুনিও এই দিনটোত আপোনজনক বিশেষ ধৰণেৰে ঈদৰ শুভেচ্ছা জনাব পাৰে।
- ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে…সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- ঈদৰ চন্দ্ৰই সুখৰ বাৰ্তা কঢ়িয়াই আনিছে, ঈদৰ এই বিশেষ দিনটো সকলোৰে ভাল হওক।
- ঈদ মোবাৰক ! পবিত্ৰ ঈদ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা ৷
- সমূহ অসমবাসীলৈ পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছো পৱিত্ৰ ঈদে সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।
- ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম,মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- আপোনাৰ জীৱনত সুখ এনেকৈ থাকক, প্ৰতিদিনে নতুন ভাল খবৰ লাভ কৰক, আপোনাৰ জীৱনতো ঈদৰ চন্দ্ৰৰ দৰে উজ্জ্বল হওক। ঈদৰ মোবাৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













