আজৱ দেশৰ গজৱ কথা, পথৰ গাঁতত থেকেচা খাই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি
আজৱ-গজৱ ভাৰতৰ কথা। চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তি জী উঠিত আচৰিত ধৰণে। পৰিয়াল কিম্বা চিকিৎসকো আচৰিত। পথত থকা গাঁতত খুন্দা খাই জী উঠিল এগৰাকী ব্যক্তি।
এই আচৰিত ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত। এজন বৃদ্ধক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছত পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ এম্বুলেন্সেৰে ঘৰলৈ লৈ যোৱাৰ সময়তে হঠাৎ পথৰ গাঁতৰ ওপৰেৰে এম্বুলেন্সখন পাৰ হৈ যায়। এক খুন্দা খোৱাৰ দৰে হয় সেই মৃতদেহ।
কিন্তু ই কি, খুন্দা খোৱাৰ লগে লগে জী উঠে ব্যত্তি, এই কাণ্ড দেখি লোকগৰাকীৰ পৰিয়ালে অতিকে ভয় খাই আৰু পৰিয়ালে লগে লগে লোকগৰাকীক উউতাই নিয়ে চিকিৎসালয়লৈ। য’ত ডাক্তৰে তেওঁক সুস্থ বুলি ঘোষণা কৰে। এতিয়া সম্পূৰ্ণ সুস্থ লোকগৰাকীক সামান্য ঔষধপাতি দি ঘৰলৈ পঠিয়াই দিয়ে।
মৃত্যুৰ পিছত জীৱিত অৱস্থাত ঘূৰি অহা কোলহাপুৰৰ লোকগৰাকীৰ নাম পাণ্ডুৰাং তাত্য, যাৰ হাৰ্ট এটেক হোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, পাছে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
পৰিয়ালৰ লোকে শেষ ৰীতি-নীতিৰো প্ৰস্তুতি চলাই লোকগৰাকীৰ মৃতদেহ এম্বুলেন্সৰ জৰিয়তে ঘৰলৈ অনাৰো ব্যৱস্থা কৰিছিল। কিন্তু বাটত এম্বুলেন্সখন ডাঙৰ গাঁতৰ লগত খুন্দা খাই হঠাৎ বৃদ্ধ পাণ্ডুৰাঙে উশাহ ল’বলৈ ধৰে। এতিয়া পৰিয়ালৰ লোকৰ সৈতে একেলগে বাস কৰি আছে পাণ্ডুৰাঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















