সুখবৰ লগতে সকাহ, ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুৎ মাচুল
অসম বিদ্যুৎ নিয়ামক আয়োগে আজি এক সংবাদমেলৰ আয়োজন কৰি এক সুখবৰ দিয়ে ৰাজ্যৰ জনসাধাৰণলৈ।
সংবাদমেল সম্বোধন কৰি আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই বিদ্যুৎ নিয়ামক আয়োগৰ বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰে।
সদৰি কৰা নতুন নিৰিখ অনুসৰি, ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ। সাধাৰণ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল।
১২০ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য হব এই নিৰিখ। বাকী সকলোধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটতত হ্ৰাস পাব ২৫ পইচাকৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ