ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিৰ সময়ত শাসকীয় নেতাসকলে প্ৰদান কৰা মন্তব্যই প্ৰায়েই চৰ্চা লাভ কৰাৰ লগতে বহু সময়ত বিৰ্তকৰো সৃষ্টি কৰে। শেহতীয়াকৈ এ পি ডি টি এলৰ শ শ কোটি টকাৰ ধাৰৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পাছতে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এটা মন্তব্যই চৰ্চা লাভ কৰিছে।
বিদ্যুত মূল্যবৃদ্ধিক লৈ ভৱেশ কলিতাই সংবাদিকৰ আগত কয় যে, বিদ্যুতৰ মাচুল বঢ়া-কাম হৈ থাকিব। বিদ্যুতৰ ঘাটি পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰেও বহু কোটি টকা ধাৰত পোত গৈছে। গতিকে এই সময়ত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা প্ৰসংগক আওকাণ কৰি বিদ্যুত যে পাই আছে সেয়াই বহুত বুলি ভাৱক।”
উল্লেখ কৰা প্ৰয়োজন যে, MPPAৰ নামত APDCLএ প্ৰতি ইউনিটত ১.২৯টকাকৈ বৃদ্ধি কৰাৰ যোজা চলোৱা হৈছে। অসম বিদ্যুত নিয়ামক আয়োগৰ ওচৰত বিদ্যুত মাচুলৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে, বিগত অক্টোবৰ মাহৰ পৰা তিনিমাহৰ বাবে বিদ্যুতৰ ১.২৯টকাৰ মাচুল স্থায়ীভাৱে সংলগ্ন নকৰিলে APDCLএ শ শ কোটিৰ লোকচানৰ পৰা উদ্ধাৰ হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়।
লক্ষ্যণীয়ভাৱে APDCLএ অক্টোবৰ পৰা তিনিমাহৰ বাবে বিদ্যুতৰ মাচুল ১.২৯টকাকৈ বৃদ্ধি কৰিছিল আৰু এই সময়সীমা ৩১ডিচেম্বৰত অন্ত পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ