বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে যৌন নিপড়ীনৰ ভয়ংকৰ অভিযোগ৷ প্ৰকাশিত বাতৰি অনুসৰি এলন মাস্কে তেওঁৰ কোম্পানী স্পেচএক্সত কাম কৰা এগৰাকী এয়াৰ হোষ্টেছক যৌন নিগ্ৰহ চলাইছিল৷
ইংৰাজী কাকত বিজনেছ ইনছাইডাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এলন মাস্কে বিমান পৰিচাৰিকাগৰাকীৰ পৰা মালিচ লোৱাৰ সময়তে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল।
লগতে পঢ়ক কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?
কি আছিল অভিযোগ?
ইংৰাজী কাকত বিজনেছ ইনছাইডাৰৰ মতে এই কাণ্ডটো ২০১৬ চনত সংঘটিত হৈছিল। মহিলাগৰাকীয়ে স্পেচএক্সৰ কৰ্পৰেট বিমানত বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল।
অভিযোগ অনুসৰি, পৰিচাৰিকাৰ কাম আৰম্ভ কৰাৰ পিছত এয়াৰ হোষ্টেছগৰাকীক স্পেচএক্সৰ পৰা হেঁচা দিয়া হৈছিল যে মালিচ কৰা মহিলাৰ বাবে অনুজ্ঞাপত্ৰ ল’ব লাগে। যাতে তেওঁ মাস্কক মালিচ দিব পাৰে।
ইয়াৰ পিছতে ২০১৬ চনত মহিলাগৰাকীয়ে মাস্কৰ জেট প্লেন ‘গালফষ্ট্ৰিম জি৬৫০ইআৰ’ৰ এটা ব্যক্তিগত কেবিনত মালিচ দি আছিল। মালিচৰ সময়ত মাস্কে তেওঁক যৌন সম্পৰ্ক স্থাপনৰ বাবে এক অশ্লীল প্ৰস্তাৱ আগবঢ়াইছিল।
লগতে পঢ়ক নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?
এয়াৰ হোষ্টেছগৰাকীয়ে কয় যে মাস্কে তেওঁক নিজৰ কোঠালৈ শৰীৰৰ মালিচৰ বাবে মাতিছিল। যেতিয়া কোঠাটোৰ ভিতৰলৈ সোমাই যায় তেতিয়া মাস্কে কেৱল শৰীৰৰ তলৰ অংশটো এখন তাৱেলেৰে ঢাকি ৰাখিছিল। মালিচৰ সময়ত মাস্কে যৌনাংগ প্ৰদৰ্শন কৰি তেওঁক যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়ে৷
প্ৰতিবেদন অনুসৰি, এই অভিযোগৰ পিছত ক্ষতিপূৰণ হিচাপে মাস্কৰ কোম্পানীয়ে স্পেচএক্সে মহিলাগৰাকীক ১ কোটি, ৭৫ লাখতকৈ অধিক ধন প্ৰদান কৰিছিল। মহিলাগৰাকীয়ে ২০১৮ চনত মাস্কৰ বিৰুদ্ধে এজন উকীলৰ দ্বাৰা অভিযোগ উত্থাপন কৰিবলৈ চেষ্টা কৰোতে মাস্কে এই বৃহৎ পৰিমাণৰ ধন দি মহিলাগৰাকীৰে বুজাপৰা কৰে৷
প্ৰতিবেদনত কোৱা হৈছে যে এয়াৰ হোষ্টেছৰ এগৰাকী সংগীয়ে তেওঁৰ স্বাক্ষৰসহ এই বিষয়ে লিখিত ঘোষণা কৰিছে। য’ত এয়াৰ হোষ্টেছগৰাকীৰ দাবীক সমৰ্থন কৰা দেখা গৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তথ্য, কিছুমান নথি-পত্ৰ, ইমেইল আৰু অন্যান্য ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰিহে এই অভিযোগ কৰা হৈছে।
লগতে পঢ়ক ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?
মাস্কে কি ক’লে?
এই বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে মাস্কে স্বভাৱজাত ভংগীমাৰে বিষয়টো তৰল কৰি তোলা বুলিও কোৱা হৈছে৷ মাস্কে ঘটনাটোৰ সন্দৰ্ভত প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁৰ এটা পুৰণি টুইট ৰিটুইট কৰি লঘু মন্তব্য কৰাহে দেখা গৈছে।
মাস্কৰ পুৰণি টুইটটো ২০২১ চনৰ ২৫ মাৰ্চৰ। টুইটটো লিখা আছে যে ‘‘যদি কেতিয়াবা মোৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠে, তেন্তে তাৰ নাম হ’ব Elongate।’’ এই শব্দটোত মাস্কৰ নামৰ প্ৰথম শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে বৃদ্ধি কৰা।
২০ মে’ ২০২২ তাৰিখে অৰ্থাৎ শুকুৰবাৰে একেটা টুইট ৰিটুইট কৰি মাস্কে তৰলভাৱে কয় যে, ‘‘এইবোৰৰ পিছত আমি Elongate শব্দটোক এটা কেলেংকাৰীৰ নাম হিচাপে ব্যৱহাৰ কৰিব পাৰো। এইটো একেবাৰে নিখুঁত হ’ব।’’
অৱশ্যে বিজনেছ ইনছাইডাৰৰ মতে, মাস্কক এই বিষয়ে সোধাৰ সময়ত তেওঁ কয় যে এই কাহিনীটোত আৰু বহু কথা আছে। ইয়াৰ সমান্তৰালভাৱে মাস্কে বিজনেছ ইনছাইডাৰৰ এই প্ৰতিবেদনখনক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ