অসম লাইভ২৪ঃ ৰণবীৰ কাপুৰৰ ছবি এনিমেলে বক্স অফিচত লাভ কৰিছে ব্যাপক সফলতা। এনিমেল ছবিয়ে ছবিগৃহত ভংগ কৰিছে ইটোৰ পিছত সিটো ৰেকৰ্ড। শ্বাহিদ কাপুৰ অভিনীত ‘কবীৰ সিং’ ছবি নিৰ্মাণ কৰি সকলোৰে মাজত চৰ্চা লাভ কৰা পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ এই ছবিখনে বৰ্তমান অনুৰাগীৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বক্স অফিচত এনিমেল ছবিয়ে সৃষ্টি কৰিছে ইটোৰ পিছত সিটো অভিলেখ। ইতিমধ্যে ভাৰতীয় বক্স অফিচত ২০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে ‘এনিমেল’য়ে। বিশ্বজুৰি ছবিখনে লাভ কৰিছে ৩৬০ কোটিৰো অধিক টকা। ৰণবীৰ কাপুৰৰ এই ছবিখনক লৈ যিদৰে সন্তুষ্টি প্ৰকাশ কৰিছে একাংশৰ মতে ছবিখনত ‘চৰম পুৰুষত্ব, নাৰীবিদ্বেষ আৰু অপ্ৰতিদানমূলক হিংসাক উপস্থাপন কৰা হৈছে।
দৰ্শকৰ সন্তুষ্টি-অসন্তুষ্টিৰ মাজতে ছবিখনক লৈ অভিনেতা আমিৰ খানৰ এটা পুৰণি মন্তব্যই বলীউদত চৰ্চা লাভ কৰিছে। সেই মন্তব্যটো প্ৰকৃততে পুৰণি আছিল। য’ত আমিৰ খানে কৈছিল যে,-‘ মানুহৰ কিছুমান আৱেগ আছে যাৰ জৰিয়তে দৰ্শকক উত্তেজিত কৰাটো অতি সহজ। তাৰ ভিতৰত এটা হ’ল ঈৰ্ষা আৰু আনটো হ’ল যৌনতা। যিসকল পৰিচালকৰ সঠিক প্ৰতিভা নাই, তেওঁলোকে যিকোনো পৰিস্থিতিত হিংসা আৰু যৌনতাক দেখুৱাই দৰ্শকক আকৃষ্ট কৰি ৰাখিব বিচাৰে। কাৰণ তেওঁলোকৰ কাহিনী কোৱাৰ প্ৰতিভা নাথাকে। তেওঁলোকে ভাবে যে হিংসা আৰু যৌনতা প্ৰদৰ্শন কৰিলেহে ছবি সফল হয়। মই ভাবো এইটো এটা ভুল ধাৰণা। কিছুদিনৰ বাবে তেওঁলোক সফল হ’ব পাৰে, কিন্তু শেষত ই সমাজৰ ক্ষতি কৰে। চিনেমাৰ লগত জড়িত আমাৰ নৈতিক দায়িত্ব আছে। এনে ছবিয়ে দৰ্শকৰ বিশেষকৈ কনিষ্ঠ সকলৰ মনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আমি সদায় মনত ৰখা উচিত যে আমি এটা সম্পূৰ্ণ প্ৰজন্মক বিপথে পৰিচালিত কৰা কোনো বস্তুয়ে দেখুওৱা উচিত নহয়।” আৰু আমিৰৰ এই পুৰণি ভিডিঅ’টোয়ে এতিয়া নেটিজেনসকলে সামাজিক মাধ্যমত ভাইৰে’ল কৰিছে। ছবিখনক লৈ চলি থকা চৰ্চাৰ মাজতে আমিৰৰ এই ভিডিঅটো প্ৰাসংগিক বুলি দাবী কৰে নেটিজেনৰ এক বৃহৎ অংশই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ