• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

4 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

2 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

35 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

1 hour ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

2 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

3 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

4 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

14 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

editor by editor
April 8, 2022
in বিশ্ব, ৰাজনীতি
0
পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছতে বিশ্ব সম্প্ৰদায়ৰ পৰা বাণিজ্যিক আৰু অৰ্থৈনিতক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ পিছত বিভিন্ন দেশে যুদ্ধবাজ ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰথমে পুটিনৰ পৰিয়ালৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এইবাৰ ইউৰোপীয়ান ইউনিয়নেও নিষেধাজ্ঞা বলৱৎ কৰিছে৷ স্মৰ্তব্য যে এদিনৰ পূৰ্বে আমেৰিকাই পুটিনৰ দুই জ্যেষ্ঠ কন্যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল৷

ইয়াৰ এদিনৰ পিছতে ইউৰোপীয় ইউনিয়নেও ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দুই জ্যেষ্ঠ কন্যাৰ বিৰুদ্ধে নিষেধাজ্ঞা বলৱৎ কৰি ৰাছিয়াৰ ওপৰত চাপ সৃষ্টি কৰিছে৷

ৰাছিয়ান সেনাই যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ শিশুসহ সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি ইউৰোপীয় ইউনিয়নে পুটিনৰ দুই জ্যেষ্ঠ কন্যাৰ বিৰুদ্ধে এই নিষেধাজ্ঞা আৰোপ কৰা বুলি ঘোষণা কৰিছে৷

লগতে পঢ়ক অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলিল চকা! ভাগি দুভাগ হ’ল চলন্ত বিমান, ক’ত?

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাৰিবাৰিক জীৱন সমগ্ৰ বিশ্বৰ বাবেই এক ৰহস্যৰ বিষয়৷ পুটিনৰ পৰিয়াল আৰু সম্পত্তিৰ পৰিমাণ সম্পৰ্কে বিভিন্ন ধৰণৰ ৰহস্যসমৃদ্ধ কাহিনী বিশ্বজুৰি প্ৰচাৰ চলি আহিছে৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে পুটিনে প্ৰথমে ল্যিউডমিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুয়োৰে সন্তান হ’ল এই কেটৰিনা আৰু মাৰিয়া৷ কেটৰিনা আৰু মাৰিয়াক এই ল্যিউডমিলাৰে সন্তান বুলি প্ৰকাশ পালেও সেই সন্দৰ্ভত নিশ্চিতি হ’ব পৰা নাই বিশ্ব সংবাদ মাধ্যম৷ ২০১৩ চনত ল্যিউডমিলাৰে পুটিনৰ বিবাহ বিচ্ছেদ ঘটিছিল৷

এতিয়া এই দুই ভগ্নীকে পুটিনৰ কন্যা বুলি অভিহিত কৰি আমেৰিকাৰ পিছতে ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ পাৰিবাৰিক জীৱনক নিৰীক্ষণ কৰাৰ লগতে দুয়োগৰাকীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে তেওঁলোকৰ বিষয়ে পুনৰ বিশ্ব সংবাদ মাধ্যমত পুনৰ চৰ্চা চলিছে৷

লগতে পঢ়ক বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

এইখিনিতে প্ৰশ্ন হয়, কোন হয় এই কেটৰিনা আৰু মাৰিয়া?

বিশ্ব সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৩৫ বছৰীয়া কেটৰিনা টিখ’ন’ভাই ৰাছিয়ান চৰকাৰৰ প্ৰতিৰক্ষা উদ্যোগত এগৰাকী কাৰিকৰী কাৰ্যবাহী হিচাপে সেৱা আগবঢ়াই আহিছে৷ ইফালে তেওঁৰ জ্যেষ্ঠ ভগ্নী ৩৬ বছৰীয়া মাৰিয়া ভ’ৰণ্টছোভাই ৰাছিয়ান চৰকাৰী অনুদানপ্ৰাপ্ত কাৰ্যসূচীৰ নেতৃত্ব দিয়ে যিবোৰে ক্ৰেমলিনৰ পৰা আনুবংশিক গৱেষণাৰ দিশত বিলিয়ন ডলাৰ আৰ্থিক সাহায্য লাভ কৰি আহিছে৷ এই সমগ্ৰ কামবোৰ ৰাষ্ট্ৰপতি পুটিনে ব্যক্তিগতভাৱে তত্বাৱধান কৰে।

ক্ৰেমলিনৰ ৱেব ছাইট অনুসৰি, মাৰিয়াৰ জন্ম হৈছিল ১৯৮৫ চনত আৰু তাৰ এবছৰৰ পিছতে কেটৰিনাৰ জন্ম হৈছিল৷ কেটৰিনাৰ জন্মৰ এবছৰ পিছতে পৰিয়ালটো ড্ৰেছডেনলৈ আৰু ইয়াৰ পিছত পূৱ জাৰ্মানীলৈ স্থানান্তৰিত কৰা হৈছিল য’ত ভ্লাদিমিৰ পুটিনে এসময়ত এজন কেজিবি গুপ্তচৰ ৰূপে কাম কৰিছিল।

প্ৰতিবেদনখনত কোৱা হৈছে যে কেটৰিনা এতিয়া মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ ইনষ্টিটিউট ফৰ মেথমেটিকেল ৰিচাৰ্ছ অৱ কমপ্লেক্স চিষ্টেমছৰ উপ-সঞ্চালকৰূপে কৰ্মৰত হৈ আছে৷ তেওঁ নিজকে পুটিনৰ দীৰ্ঘদিনীয়া বন্ধু নিকোলাই শ্বামালভৰ পুত্ৰ কিৰিল শ্বামালভৰ পত্নী বুলিও প্ৰকাশ কৰিছিল৷ কিৰিল শ্বামালভৰ ৰছিয়াৰ বেংকত  অংশীদাৰত্বও আছে।

লগতে পঢ়ক উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?

প্ৰতিবেদনখনৰ মতে এই দম্পতীৰ অন্যান্য সম্পত্তৰি লগতে কৰ্পোৰেট হোল্ডিংৰ মূল্য প্ৰায় ২ বিলিয়ন বুলি অনুমান কৰা হৈছে। কেটৰিনাক এক্ৰোবেটিক ৰ’ক ৰোল ডান্সাৰ হিচাপেও জনা যায় আৰু ইউটিউবত নৃত্যৰ ভিডিঅ’ আপল’ডো কৰি আহিছে৷ ২০১৫ৰ ৰয়টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে কেটৰিনাৰ মস্কোৰ অভিজাত আৰু ক্ষমতাশালী ব্যক্তিসকলৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে৷

ইফালে, মাৰিয়াই ছেইণ্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত জীৱবিজ্ঞান আৰু মস্কো ষ্টেট ইউনিভাৰ্চিটিত ভেষজ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু আনুবংশিক গৱেষণাৰ কৰ্মত জড়িত আছিল। ৰাছিয়ান আৰু পশ্চিমীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে মাৰিয়াই এজন ডাচ্চ ব্যৱসায়ীক বিয়া কৰাই আৰু কিছু দিনৰ বাবে নেডাৰলেণ্ডত বাস কৰিছিল।

ৰয়টাৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মাৰিয়া অন্তঃস্ৰাৱী প্ৰণালীত বিশেষজ্ঞ থকাৰ সময়ত তেওঁৰ স্বামীয়ে ক্ৰেমলিনৰ অভিজাত লোকসকলৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি ঋণদাতা হিচাপে Gazprombankত কাম কৰিছিল। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণৰ তথ্য এতিয়ালৈকে কোনেও ফাদিল কৰিব পৰা নাই৷

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ অব্যাহত ৰখাৰ বাবে আমেৰিকাৰ পিছতে ইউৰোপীয় ইউনিয়নে কেটৰিনা আৰু মাৰিয়াক ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কন্যা বুলি একপ্ৰকাৰে নিশ্চিত হৈ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু নিষেধাজ্ঞাক ‘গুৰুত্বপূৰ্ণ সাংকেতিক পদক্ষেপ’ বুলি অভিহিত কৰি বিশ্ব সম্প্ৰদায়ে আদৰণি জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEURussia PresidentRussia Ukraine invasionVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
গ্ৰাহকৰ বাবে সুখবৰ : এতিয়াৰে পৰা ATM কাৰ্ডৰ অবিহনে উলিয়াব পাৰিব ধন; জানো আহক সবিশেষ

গ্ৰাহকৰ বাবে সুখবৰ : এতিয়াৰে পৰা ATM কাৰ্ডৰ অবিহনে উলিয়াব পাৰিব ধন; জানো আহক সবিশেষ

হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?

হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.