উৰন্ত বিমানতে এগৰাকী যাত্ৰীয়ে এক অদ্ভূত কাণ্ড সংঘটিত কৰিছে৷ প্ৰকাশিত খবৰ অনুসৰি এগৰাকী মহিলা যাত্ৰীৰ সন্মুখতে এজন পুৰুষ যাত্ৰী হস্তমৈথুনত লিপ্ত হয়৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এণ্টেনিঅ’ ছেৰ’ড মেকগাৰিটি নামৰ লোকজনে চিৰাতেলৰ পৰা ফিনিক্স অভিমুখী বিমানত যাত্ৰা কৰিছিল৷ বিমানখনে উৰণ আৰম্ভ কৰাৰ কিছু সময় পিছতে এণ্টেনিঅ’ৱে এগৰাকী মহিলা যাত্ৰীৰ সন্মুখতে পেণ্ট খুলি হস্তমৈথুন কৰিবলৈ ধৰে৷
সহযাত্ৰী মহিলাগৰাকীয়ে লোকজনৰ এই অদ্ভূত কাণ্ডটোৰ মোবাইলেৰে ভিডিঅ’ কৰি ৰাখে৷ মহিলা যাত্ৰীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি লোকজনে হস্তমৈথুন কৰাৰ পিছতে টোপনিত ঢলি পৰে৷
লগতে পঢ়ক নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত
ঘটনাৰ সন্দৰ্ভত মহিলা যাত্ৰীগৰাকীয়ে বিমানৰ ক্ৰু সদস্যক অৱগত কৰে৷ বিমানখনে স্কাই হাৰবাৰ আন্তজাৰ্তিক বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
ইফালে লোকজনে আৰক্ষীৰ জেৰাত মহিলাগৰাকীৰ অনুমতি লৈহে হস্তমৈথুনত প্ৰবৃত্ত হোৱা বুলি দাবী কৰিছে৷ কিন্তু মহিলা যাত্ৰীগৰাকীয়ে এই দাবী নস্যাৎ কৰিছে৷
লগতে পঢ়ক এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
‘‘চাৰি ঘণ্টাৰ যাত্ৰাৰ সময়ত লোকজনে চাৰিবাৰ হস্তমৈথুনত প্ৰবৃত্ত হৈছিল৷ তেওঁ সো আৰু বাওঁ দুয়োখন হাতেই ব্যৱহাৰ কৰিছিল৷’’ মহিলাগৰাকীৰ দাবী৷
ঘটনাৰ পিছতে বিমান সংস্থাটোৱে এণ্টেনিঅ’ক আজীৱন প্ৰতিষ্ঠানটোৰ বিমানত যাত্ৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ