ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজ্যত বাস কৰা মাৰোৱাৰী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকসকলক বহাগ বিহু পাতিবলৈ আহ্বান জনাইছে৷
নলবাৰীৰ বৰআজৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰী শ্ৰী বাসন্তী মন্দিৰৰ মুল তোৰণ, সভাঘৰ, সাংস্কৃতিক প্ৰকল্প আৰু মঞ্চ উদ্ধোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শর্মাই এই আহ্বান জনায়৷
লগতে পঢ়ক সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা
উক্ত অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ভাষণত ভগবান শ্ৰীকৃষ্ণই যেনেকৈ বিপদত সুদৰ্শন চক্ৰ লৈছিল ঠিক তেনেকৈ আমিও বিপদৰ পৰা আমাৰ সভ্যতা ৰক্ষা কৰিব লাগিব বুলি কয়৷
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাংৰ লগতে নলবাৰী জিলা উপায়ুক্তৰ উপৰি ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্মাদক ফনীন্দ্ৰ নাথ শৰ্মা আদি বিজেপিৰ বিশিষ্ট ব্যক্তিসকলে সংগ দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ